IPL 2023 : আইপিএল ২০২৩ ৰ নিলাম ,প্ৰতিটো দলত তিনি অল ৰাউণ্ডাৰক ক্ৰয় কৰাৰ সম্ভাৱনা , শীৰ্ষত আছে তিনি খেলুৱৈ

ipl 2023 auction

IPL 2023 :

সমাগত টি-২০ ক্ৰিকেট আইপিএল । ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বহু প্ৰত্যাহিত আইপিএলৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হ’ব । ডিচেম্বৰৰ ভিতৰত সমাপন হ’ব খেলুৱৈ ক্ৰয় কৰাৰ এই নিলাম বজাৰ । ১৬ সংখ্যক আইপিএলত এইবাৰ ৯৯১ জন খেলুৱৈ আৰু প্ৰশিক্ষকৰ নিলাম প্ৰক্ৰিয়া কোচিত ২৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব ।

এই নিলাম প্ৰক্ৰিয়াত বিশ্ব ক্ৰিকেটৰ বাচক বনিয়া অল ৰাউণ্ডাৰ কিনাত ব্যস্ত হ’ব সকলো টিম । এই নিলামত সকলো ক্ৰিকেটাৰৰ পাৰদৰ্শিতৰ ওপৰত ভিত্তি কৰি মূল্য বৃদ্ধি পাব ।

ইতিমধ্যে তিনিজন প্ৰসিদ্ধ ক্ৰিকেটাৰৰ নাম , তেওঁলোকৰ আন্ত:জাৰ্তিক আৰু ঘৰুৱা খেলৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে । তেওঁলোক হৈছে ক্ৰমে —

বেন ষ্টকছ : বিশ্ব ক্ৰিকেটৰ মহান খেলুৱৈ তথা অল ৰাউণ্ডাৰ বেন ষ্টকছৰ নাম এই আইপিএল ২০২৩ ৰ নিলামৰ শীৰ্ষত থকা এটা নাম । এই বৰ্ষৰ আইপিএলৰ বাবে ষ্টকছ হ’ব আটাইতকৈ মূল্যবান খেলুৱৈ ।

ইয়াৰ পূৰ্বে ২০১৮ চনত ক্ৰিকেটৰ এই নিলাম বজাৰত ৰাজস্থান ৰয়েলছে ষ্টকছক ১২.৫ কোটি টকাত ক্ৰয় কৰিছিল । ইয়াৰপিছত অৱশ্যে ষ্টকছে বিগত দুটা বছৰে খেল জগতৰ পৰা আতৰি আছিল ।

ষ্টকছক বিশ্ব ক্ৰিকেটৰ আটাইতকৈ মূল্যবান খেলুৱৈ হিচাপে জনা যায় । যিহেতু ষ্টকছ হৈছে কোনো এটা দলক নেতৃত্ব দিব পৰা এজন পৰিপক্ক খেলুৱৈ । যিকোনো পৰিস্থিতিৰে সৈতে ষ্টকছে মোকামিলা কৰিব পৰা এই গুণৰ বাবেই তেওঁক ক্ৰিকেটৰ ৰ’ল মডেল হিচাপে গণ্য কৰা হয় ।

যিটো কাৰণতে হয়তো ৰাজস্থান ৰয়েলছে পুনৰ এই বাওঁহতীয়া অল ৰাউণ্ডাৰজনক ক্ৰয় কৰাৰ কথা বিবেচনা কৰিব পাৰে । প্ৰাপ্ত তথ্য অনুসৰি ৰাজস্থান ৰয়েলছে খেলুৱৈজনক দুই কোটি টকাত ক্ৰয় কৰাৰ কথা আছে ।

শ্বাকিব অল হাচান : বিশ্ব ক্ৰিকেটৰ আটাইতকৈ দক্ষ ক্ৰিকেটাৰ হিচাপে গণ্য কৰা হয় বাংলাদেশৰ শ্বাকিব অল হাচানক । ক্ৰিকেট কেৰিয়াৰত তেওঁ সদায় দলৰ মেৰুদণ্ড হিচাপে বিবেচিত হৈ আহিছে ।

এই অল ৰাউণ্ডাৰ ক্ৰিকেটাৰ জন তেওঁৰ স্থিতপ্ৰজ্ঞতা , নিৰ্দিষ্ট লক্ষ্য আৰু দৃঢ়তাৰ বাবে সৰ্বজনবিদিত । তেওঁৰ আত্মবিশ্বাসে দলক এটা পৰ্যায় দিয়াত সদায় সফল হৈ আহিছে ।

ইতিমধ্যে হাচানে আন্ত:জাৰ্তিক আৰু ঘৰুৱা ক্ৰিকেটত নিজৰ দক্ষতা প্ৰমাণ কৰি এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে । বিগত বৰ্ষৰ আইপিএলত তেওঁ কলকতা নাইট ৰাইডাৰ্ছ আৰু চানৰাইজ হায়দৰাবাদ হৈ প্ৰতিনিধিত্ব কৰিছিল । তেনেক্ষেত্ৰত ২০২৩ৰ আইপিএলৰ বাবে পুনৰ তেওঁৰ নাম শিৰোনামত আহিছে ।  অনুমান কৰা হৈছে যে , আইপিএলৰ নিলামত হাচানৰ মূল্য ১.৫ কোটি হ’ব পাৰে ।

চেম কোৰেন : আইপিএল ২০২৩ ৰ নিলামত অহা অন্যতম এটা নাম হৈছে ইংলেণ্ডৰ অল ৰাউণ্ডাৰ চেম কোৰেণ । ইতিমধ্যে খেলুৱৈজনে আইচিচি মেনচ টি-২০ বিশ্বকাপত নিজ দল ইংলেণ্ডক জয়ৰ সোৱাদ দিবলৈ সক্ষম হৈছিল ।

তেনেক্ষেত্ৰত কোৰেণৰ নামো আইপিএল ২০২৩ ৰ নিলামৰ দৰত আহিছে । বিশেষকৈ কোৰেণে আচিচি টি-২০ মেনচৰ প্ৰতিযোগিতাত মেন অৱ দ্যা চিৰিজ পাবলৈ সক্ষম হৈছিল ।

কোৰেনে ইয়াৰপূৰ্বেও চেন্নাই চুপাৰ কিনছৰ হৈ আইপিএল টুৰ্ণামেণ্টত বেট আৰু বলত দুয়োটা দিশতেই উন্নত প্ৰদৰ্শন কৰিছিল । অত্যন্ত অভিজ্ঞতাপুষ্ট কোৰেনৰ আছে নেতৃত্ব দিব পৰা গুণ ।

যিটো গুণৰ বাবে এইবাৰ আইপিএলৰ নিলামত কোৰেনৰ নাম আহিব বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে । সমান্তৰালকৈ কোৰেন হৈছে বেট আৰু বল দুয়োটা দিশতে অভিজ্ঞতাপুষ্ট এজন খেলুৱৈ ।

তেনেক্ষেত্ৰত কোৰেনৰ দাম এইবাৰ আইপিএলত দুই কোটি টকালৈ উঠাৰ সম্ভাৱনা আছে । মুঠতে ২০২৩ বৰ্ষৰ আইপিএল টুৰ্ণামেণ্টত প্ৰতিটো দলে তিনিজনকৈ অলৰাউণ্ডাৰ ক্ৰয় কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

Exit mobile version