Meghalaya : মেঘালয় বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ

তৃণমূল আৰু এন পিপিত গৰাখহনীয়া

f27bc8cf f8c1 45f2 bb90 f0f01b902d4b

Meghalaya :

চুবুৰীয়া ৰাজ্য মেঘালয় বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত তৃণমূল কংগ্ৰেছ দলত গৰাখহনীয়া ৷ যোৱা মঙলবাৰে তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী মেঘালয় ভ্ৰমণ কৰি যোৱাৰ পিছতে দলটোৰ এজন বিধায়কে বিজেপিত যোগদান কৰে ৷

একেদৰে ৰাজ্যখনৰ শাসনাধিষ্ঠ নেশ্যনেল পিপলছ পাৰ্টীৰ দুজন আৰু নিৰ্দলীয় বিধায়কেও বিজেপিত যোগদান কৰে ৷ আজি নতুন দিল্লীৰ ভাৰতীয় জনতা পাৰ্টিৰ সদৰ কাৰ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ড:সমবিত পাত্ৰৰ উপস্থিতিত দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰা বিধায়ক কেইজন হ’ল তৃণমূলৰ এচ এম ছাংপ্লিয়াং ,এন পি পিৰ বেনেডিক মাৰাক ,ফেৰলিন ছাংমা আৰু নিৰ্দলীয় বিধায়ক ছেমুৱেল ছাংমা৷

উল্লেখ্য যে বিজেপিত যোগদান কৰাৰ পূৰ্বে তৃণমূল, এন পি পিৰ তিনি বিধায়কে নৱেম্বৰত বিধায়কৰ পদৰ পৰা পদত্যাগ কৰিছিল ৷

Exit mobile version