SS Rajamouli : চলিত বছৰত হিন্দী ছবিৰ বক্স অফিচৰ ইমান কৰুণ অৱস্থা কিয় ?

কাৰণ জনালে পৰিচালক ৰাজামৌলিয়ে

ss rajamouli breaks silence bollywood vs south mahabharata movie

SS Rajamouli :

দক্ষিণী পৰিচালক এছএছ ৰাজামৌলিৰ সাফল্যৰ জোৱাৰ বৈছে । সম্প্রতি তেওঁৰ পৰিচালিত ‘আৰআৰআৰ’ ছবিখন গ’ল্ডেন গ্ল’ব অৱার্ডত দুটা বিভাগত মনোনীত হৈছে ।

চলিত বছৰত দক্ষিণী ছবিৰ দপ্‌দপনি দেখিবলৈ পোৱা গৈছে, কিন্তু বলিউডৰ অৱস্থা বিশেষ ভাল নহয় । তদুপৰি শুনিবলৈ পোৱা গৈছে, বলিউডক পিছ পেলাই যথেষ্ট আগবাঢ়ি গৈছে দক্ষিণী ছবি ।

ইয়াৰ কাৰণ কি ? প্রশ্ন কৰা হৈছিল ৰাজামৌলিক । তেওঁ মুকলিভাৱেই এই প্রসংগত তেওঁৰ বক্তব্য দাঙি ধৰে ।

ৰাজামৌলিৰ মতে, দর্শকৰ মন বুজি ছবি প্ৰস্তুত কৰিব পাৰিলেই একমাত্র ছবি সফল হ’ব । লগতে চলিত বছৰত হিন্দী ছবিৰ ব্যর্থতাৰ অন্যতম কাৰণ হিচাপে তেওঁ দোষাৰোপ কৰিছে অভিনেতা আৰু পৰিচালকসকলৰ আকাশলংঘী পাৰিশ্রমিক ।

পৰিচালকজনে কয়, ‘‘হিন্দী ছবিত কর্প’ৰেট সংস্থাৰ আগমনৰ ফলত তেওঁলোকে অভিনেতা, পৰিচালকৰ পৰা আৰম্ভ কৰি প্রত্যেককে অধিক পাৰিশ্রমিক দিয়া আৰম্ভ কৰিছে । ফলত সাফল্যৰ শিখৰ কমি গৈছে ।’’

এই প্রসংগতেই তেওঁ জনায়, ‘‘লক্ষ্য ৰাখিব লাগিব যে, বেছি সময় নাসাঁতুৰিলে ডুবি যোৱাৰ সম্ভাৱনাৰ সৃষ্টি হয় ।’’

‘বাহুবলী’ৰ পৰিচালকজনৰ মতে, দক্ষিণী ইণ্ডাষ্ট্ৰিত এতিয়াও এই অৱস্থা আৰম্ভ হোৱা নাই । কিন্তু বিপৰীত তেওঁ কয়, ‘‘আমাৰ ছবিয়ে ভাল ব্যৱসায় কৰিছে মানেই আত্মতুষ্টিত ভোগাৰ কোনো কাৰণ নাই । কাৰণ সেয়া হ’লে সাফল্যৰ ক্ষুধা কমি যায় । ফলত পৰিস্থিতি অন্য দিশে গতি কৰে ।’’

প্রসংগত, চলিত বছৰচ ‘লাল সিং চড্ডা’ সকলো বলিউডৰ একধিক বৃহৎ বাজেটৰ ছবি বক্স অফিচত মুখ থেকেচা খাইছে । অন্যান্য বছৰৰ তুলনাত চলিত বছৰত হিট ছবিৰ সংখ্যাও কম ।

ব্যৱসায়ৰ নিৰিখত হাতত গণিব পৰা কিছুমান ছবিৰ ভিতৰত আছে ‘দ্য কাশ্মীৰ ফাইল্‌ছ’, ‘গংগুবাঈ কাথিয়াৱাড়ি’, ‘ভুলভুলাইয়া ২’, ‘দৃশ্যম ২’ৰ দৰে ছবি ।

Exit mobile version