Tezpur : তেজপুৰৰ পৰা ৰূপহিলৈ ব্ৰহ্মপুত্ৰৰে গৰুৰ চোৰাংসৰবৰাহ অব্যাহত

ban

Tezpur :

তেজপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰে নগাঁৱৰ ৰূপহীলৈ গৰু অবৈধ ভাবে সৰবৰাহ কৰা হয়৷উল্লেখযোগ্য যে,সুদীৰ্ঘকাল ধৰি এইদৰে বহুসংখ্যক গৰু নদীপথৰে কঢ়িয়াই নিয়াটো অব্যাহত আছে ৷

প্ৰথম অৱস্হাত এনেধৰণৰ সৰবৰাহত কোনো বাধা নাছিল য’দিও বৰ্তমান চৰকাৰে গোধনৰ আন্তজিলা সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ নিয়ম বলৱৎ কৰাৰ পাছতে এনে সৰবৰাহত বাধাৰ সৃষ্টি হয়৷কিন্তু তৎসত্ত্বেও তেজপুৰৰ ভোমোৰাগুৰিৰ পৰা নিশা নৌকাৰে গৰুৰ সৰবৰাহ চোৰাংভাবে অব্যাহত আছে৷

উল্লেখযোগ্য যে,শোণিতপুৰৰ তেজপুৰৰ ভোমোৰাগুৰিৰ লগতে বৰছলা বিধান সভা সমষ্টিৰ আন এক ঘাটৰেও চোৰাংভাবে গৰু নিয়া হয় নগাঁৱলৈ৷আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি,ব্ৰহ্মপুত্ৰৰে এই দুটাস্হানৰ পৰাই শোণিতপুৰৰ লগতে উত্তৰ পাৰৰ একাধিক জিলাৰ পৰা সংগ্ৰহ কৰা তথা চুৰি গৰু নগাঁৱৰ ৰূপহীলৈ সৰবৰাহ কৰা হয় আৰু ৰূপহীৰ পৰা নিয়া হয় আন আন জিলা তথা অঞ্চললৈ৷

উল্লেখযোগ্য যে,তেজপুৰৰ ভোমোৰাগুৰিত আৰক্ষীয়ে চলোৱা অভিযানত চোৰাংভাবে সৰবৰাহ কৰা ভালেসংখ্যক গৰু ইতিমধ্যেই আৰক্ষীয়ে জব্দ কৰিছে তথা আৰক্ষীৰ অভিযানৰ বাবে বহুসময়ত গৰুভৰ্তি ট্ৰাক এৰি সৰবৰাহকাৰীয়ে পলায়নৰ ঘটনা সংঘটিত হৈছে৷এনে বহু গৰু চোৰাংভাবে নগাঁৱৰ ৰূপহী,ঢিং তথা হোজাই আদিলৈ নিয়াৰ চেষ্টা চলোৱাৰ বিষয়েও আৰক্ষীৰ পৰৱৰ্তী অনুসন্ধানত পোহৰলৈ আহিছে৷

প্ৰকৃততে ভোমোৰাগুৰিৰ পৰা স্হলপথৰে গৰু চোৰাংভাবে সৰবৰাহ কৰাৰ সলনি সৰবৰাহকাৰীয়ে জলপথ অধিক সুবিধাজনক হিচাপে নিৰ্বাচন কৰে আৰু এনে কাৰণতে ভোমোৰাগুৰিৰ এই গোপন ঘাটৰ পৰা নিশা তথা পুৱতি নিশালৈকে বহুকেখন নাৱৰে গৰু পাৰ কৰা হয় ৰূপহিলৈ৷

আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি,ব্ৰহ্মপুত্ৰৰ ওপৰৰে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰবাহী তাঁৰ বহন কৰা টাৱাৰ সমূহৰ ভিতৰত ভোমোৰাগুৰিত স্হাপিত প্ৰকাণ্ড তথা শেষ টাৱাৰটোৰ সমীপৰ পৰা নিশাৰ অন্ধকাৰত প্ৰায়েই নাৱৰ সহায়ত চোৰাংভাবে গৰু পাৰ কৰা হয়৷

দুয়োপাৰৰ একাংশ নাৱৰীয়া এই অবৈধ কাৰ্যৰে জড়িত আছে আৰু পূৰ্বনিৰ্ধাৰিত ভাবেই ইয়াৰ পৰা গৰু সৰবৰাহকৰে এইসকল লোকে৷উল্লেখযোগ্য যে,শোণিতপুৰৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ ভালেসংখ্যক গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে৷

পুঠিমাৰী অঞ্চলৰ পৰাই একেনিশাই ১৫টা গৰু চুৰি হৈছে একাধিক পৰিয়ালৰ গোহালিৰ পৰা ৷ একেদৰে বৰডুবীয়াৰ পৰাও চুৰি হৈছে ভালেসংখ্যক পশুধনৰ৷

ঢেকিয়াজুলি,তেজপুৰ আদিটো গৰুচুৰিৰ ঘটনা সংঘটিত হৈ আছে৷আনহাতে,এজেন্টৰ জৰিয়তে বিভিন্ন বজাৰ আৰু অঞ্চলৰ পৰা গৰু ক্ৰয় কৰি প্ৰয়োজনীয় নথিপত্ৰ অবিহনে বিভিন্ন জিলালৈ গৰু সৰবৰাহৰ ক্ষেত্ৰত আৰক্ষীৰ বাধাক নেওচা দিবলৈকে এনে চক্ৰই সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ জলপথ নিৰ্বাচন কৰিলৈছে৷

অৱশ্যে এইসমূহ জলপথ পূৰ্বেও গৰুসৰবৰাহৰ বাবে ব্যৱহাৰ হৈছিল য’দিও বৰ্তমান চৰকাৰী বাধাৰ বাবে এয়া চোৰাংভাবে আৰু গোপনে গৰুসৰবৰাহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে৷উল্লেখযোগ্য যে,শেহতীয়াকৈ তেজপুৰৰ ভোমোৰাগুৰিৰ এই ঘাটত আৰক্ষীয়ে নিশাৰ ভাগতো অভিযান চলাইছে য’দিও চোৰাংসৰবৰাহকাৰীক কৰায়ত্ত কৰাত সফল হ’ব পৰা নাই৷

Exit mobile version