Artificial Womb : মানৱগৰ্ভত নহয়, গৱেষণাগাৰত জন্ম হ’ব সহস্ৰাধিক শিশুৰ

পিতৃ-মাতৃয়ে নিৰ্ধাৰণ কৰিব পাৰিব গাৰ ৰং, বুদ্ধিমত্তা

Opindia Office Work 14

Artificial Womb :

এটা বিশাল গৱেষণাগাৰ । তাত একেলগে আছে সহস্ৰাধিক কাচৰ গোলকৰ দৰে কিছু যন্ত্র । তাৰ ভিতৰতেই তৈয়াৰ কৰা হৈছে মানৱশিশু । এনে এক ভৱিষ্যতৰ কথা জনালে ইয়েমেনৰ মলিকিউলাৰ বায়’টেকন’লজিষ্ঠ হাছেম আল-ঘাইলিয়ে ।

সম্প্রতি হাছেমে এনিমেছনত তৈয়াৰ কৰা এটা ভিডিঅ’ প্রকাশ কৰি দাবী কৰিছে, অদূৰ ভৱিষ্যতে বাস্তৱত এনে গৱেষণাগাৰ তৈয়াৰ কৰা বিশেষ এটা কঠিন কাম নহয় । বৈজ্ঞানিকে তৈয়াৰ কৰা এই ভিডিঅ’ই ইতিমধ্যে সমাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে ।

হাছেমে তেওঁৰ কল্পনাপ্রসূত এই গৱেষণাগাৰটোৰ নাম দিছে এক্ট’লাইফ । এই গৱেষণাগাৰত থাকিব মুঠ ৭৫টা কক্ষ ।

প্রতিটো কক্ষতে থাকিব চাৰিশটা কৃত্রিম গর্ভ । অর্থাৎ গধেষণাগাৰত একেলগে মুঠ তিনি হেজাৰ শিশু জন্ম দিয়া সম্ভৱ হ’ব ।

কাচৰ গোলকৰ দৰে যি যন্ত্ৰ ভিডিঅ’ত দেখা গৈছে, সেইবোৰেই হ’ল কৃত্রিম গর্ভ বা গ্রোথপড । এই কৃত্রিম গর্ভৰ ভিতৰত আইভিএফ পদ্ধতিত শুক্রাণু আৰু ডিম্বাণুৰ মিলন ঘটাই তৈয়াৰ কৰা হ’ব ভ্রূণ ।

সেই ভ্রূণ ডাঙৰ হ’ব ইয়াৰ ভিতৰতেই । জন্মৰ আগমুহূৰ্ত পর্যন্ত শিশুৰ ৰক্তচাপৰ পৰা হৃদ্‌স্পন্দন সকলো নিৰীক্ষণ কৰা হ’ব এই যন্ত্রত ।

বৈজ্ঞানিকৰ দাবী, প্রতি বছৰে সমগ্ৰ বিশ্বত লক্ষ লক্ষ মহিলাৰ মৃত্যু হয় সন্তান প্রসৱ কৰিবলৈ গৈ । বিভিন্ন জটিলতাত মৃত্যু হয় বহু নৱজাতকৰো । এই নতুন পদ্ধতিত সেই সমস্যা সম্পূৰ্ণ সমাধান হ’ব ।

কেৱল সেয়াই নহয়, পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ কি কি গুণ থাকাতো বিচাৰে সেয়াও নিৰ্ধাৰণ কৰিব পাৰিব শিশুৰ জন্মৰ আগতেই । কৃত্রিমভাৱে জিনগত পৰিৱর্তনৰ মাজতেই ঠিক কৰিব পৰা যাব হ’বলগীয়া সন্তানৰ গাৰ ৰং, উচ্চতা শাৰীৰিক গঠন, ডিঙিৰ স্বৰ বা বুদ্ধিমত্তাৰ দৰে বিষয়সমূহ ।

লগতে বহু জিনগত ৰোগো নির্মূল কৰিব পাৰিব এই পদ্ধতিত, দাবী বৈজ্ঞানিকৰ । ইয়াৰ উপৰি বিভিন্ন শাৰীৰিক জটিলতাৰ বাবে যিসকল দম্পতিয়ে সন্তান লাভ কৰা নাই আৰু যিসমূহ দেশে জনসংখ্যা হ্রাসৰ সমস্যাত ভুগিছে, তেওঁলোকৰ বাবে অত্যন্ত উপকাৰী হ’ব পাৰে এই ব্যৱস্থা, এই মত বৈজ্ঞানিকৰ ।

কিন্তু সমগ্ৰ বিষয়টো দেখি কোনো কল্পবিজ্ঞানৰ ছবিৰ অংশ যেন অনুভৱ হয়, বাস্তৱত এনে কৰা সম্ভৱ নে ? বৈজ্ঞানিকৰ কথাত সম্ভৱ । কাৰণ, হাতৰ মুঠিতেই‌ প্রযুক্তি আছে ।

সমস্যা কেৱল অনুমতিক লৈ । এনেদৰে সম্পূৰ্ণ কৃত্রিমভাৱে সন্তান উৎপাদন কৰা সন্দৰ্ভত বিভিন্ন ধৰণৰ নৈতিক জটিলতা আছে । কোনো মানুহক জন্মৰ আগতেই এটা গৱেষণাৰৰ বস্তু কৰি তুলাক লৈ আপত্তি উঠিছে বিভিন্ন মহলত ।

কৃত্ৰিমভাৱে মানৱদেহত জিনগত সলনি অনা বিৱর্তনৰ পথচ শংকাৰ কাৰণ হ’ব পাৰে বুলিও মত অনেকৰ । সেয়ে বিষয়টো এতিয়াও আইনসিদ্ধ নহয় । অৱশ্যে আইনে যদি সন্মতি দিয়ে, তেন্তে এনে কৃত্রিম প্রজননৰ দিন বেছি দূৰ নহয়, মত হাছেমৰ ।

Exit mobile version