Former Director Of Library Services Arrested : লাখ লাখ টকা আত্মসাৎৰ অভিযোগত গ্ৰেপ্তাৰ

পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামী

083d7255 d55f 4567 87cf 7013736c8a40

Former Director Of Library Services Arrested :

গ্ৰাম্য পুথিভঁৰালৰ নামত লাখ লাখ টকা উদৰস্থ কৰা পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীক পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

গ্ৰেপ্তাৰৰ আশংকা কৰি প্ৰাক্তন সঞ্চালিকা গৰাকীয়ে অগ্ৰিম জামিনত আছিল যদিও বুধবাৰে অগ্ৰিম জামিনৰ ম্যাদ শেষ হোৱাত পুনৰ জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল যদিও আদালতে অগ্ৰিম জামিন নাকচ কৰে ৷ ইয়াৰ পিছতে পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

মনকৰিবলগীয়া যে পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীয়ে সঞ্চালিকাৰূপে কৰ্মৰত হৈ থকাৰ সময়ত ৰাজা ৰায়মোহন ৰায় আঁচনিৰ অধীনত কিতাপ,চ’লাৰ আৰু উন্নয়নৰ বাবে অহা ৪৬ লাখ টকা তেওঁৰ ঠিকাদাৰ স্বামী প্ৰনৱ গোস্বামীৰ স’তে মিলি উদৰস্থ কৰিছিল ৷

উদ্থাপিত অভিযোগ মতে গোস্বামী দম্পতীয়ে আত্মসাৎ কৰা ধনেৰে তেজপুৰত নিৰ্মাণ কৰিছে প্ৰাসাদোপম অট্টালিকা ৷

উল্লেখ্য যে সঞ্চালকালয়ৰ বৃহৎ পৰিমাণৰ ধণ আত্মসাৎ কৰাৰ সন্দৰ্ভত পুথিভঁৰাল সঞ্চালকালয়ৰ পৰা আৰক্ষী থানাত গোচৰ ৰজু কৰাৰ পিছতে প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীৰ ঠিকাদাৰ স্বামী প্ৰনৱ গোস্বামীক ২৬ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পিছৰে পৰা আত্মগোপন কৰি আছিল ৰুমী গোস্বামী।

Exit mobile version