Guwahati Gold Recovered : আটক চাৰি সৰবৰাহকাৰীক

72895bda 8d8f 40db bdec cea3b7396ec5

Guwahati Gold Recovered :

মহানগৰ আৰক্ষীৰ অভিযানত জব্দ সোণৰ নাও ৷ গড়চুক আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি পামহিৰ এটা ভাড়াঘৰত অৰ্তকিতে অভিযান চলাই জব্দ কৰে দুখনকৈ সোণৰ নাও সহ চাৰি সৰবৰাহকাৰীক ৷

ধৃত নকল সোণৰ সৰবৰাহকাৰী কেইটা হ’ল লখিমপুৰৰ বাবুল হুছেইন,আব্দুল মালিক,হেদৈ উল্লাহ আৰু মহিদুল ইছলাম৷

লখিমপুৰ পৰা কঢ়িয়াই অনা নকল সোণৰ নাও দুখন গুৱাহাটীৰ মাজৰে বিহাৰলৈ নিয়াৰ পৰিকল্পনা পামহিত বাহৰ পাতি আছিল সৰবৰাহকাৰী কেইটাই ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰাজ্যত এটা চক্ৰই নকল সোণৰ বেহা গোপনে চলাই অহাৰ সমান্তৰালভাৱে গুৱাহাটীত নকল সোণৰ কৰিডৰ হিচাপে গঢ়ি তুলিছে ৷মাজে সময়ে আৰক্ষীৰ অভিযানত জব্দ হয় সৰবৰাহকাৰী ৷

কিন্ত নকল সোণৰ মুল চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাৰ পৰা কে’বাটাও ম’বাইল আৰু নগদ ধন জব্দ কৰে ৷

Exit mobile version