Instagram Reel : ৰিল বনাবলৈ গৈ ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাসহ তিনিজনৰ

NFR Train

Instagram Reel :

ৰিল বনোৱাৰ আসক্তই কাঢ়িলে জীৱন ।ৰে’লৰ খুন্দাত মৃত্যু হ’ল এগৰাকী মহিলাসহ তিনিজন লোক । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ।

প্ৰযুক্তিৰ যুগত, ম’বাইল ফোনটো হৈ উঠিছে এক শক্তিশালী অস্ত্ৰ ।কেমেৰা ব্যৱহাৰ কৰি, প্ৰযুক্তিৰ সহায়ত, অনায়াসে এনে ছবি তোলা যায় , যিটো দেখি সকলোৰে চকু কপালত উঠিছে ।

ই যুৱ প্ৰজন্মৰ মাজতো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। লগতে মাটি আনিছে বহু বিপদও । ঠিক যেনেদৰে ৰাজধানীৰ পৰা অলপ দূৰত গাজিয়াবাদত সংঘটিত হ’ল।

তথ্য অনুসৰি, বুধবাৰে নিশা এগৰাকী মহিলাসহ তিনিজন লোক ৰে’লপথত ৰিল বনাবলৈ যায় । কিন্তু অসাৱধানতাৰ ফলত দ্ৰুতবেগী ৰেলৰ খুন্দাত তেওঁলোকৰ মৃত্যু হয় ।

গাজিয়াবাদ গ্ৰাম্য ডিচিপি ইৰজা ৰাজাই জনাইছে যে বুধবাৰে নিশা প্ৰায় ন বজাত আৰক্ষীলৈ এটা ফোন আহে যে ৰে’লৰ খুন্দাত কাল্লু গড়ী ৰেললাইনত তিনিজন লোক নিহত হৈছে।

তথ্য অনুসৰি , তিনিওজনে তেওঁলোকৰ মোবাইল ফোনত ৰিল ৰেকৰ্ড কৰিবলৈ ৰেলপথলৈ গৈছিল। তেওঁলোক ফোনত ৰেকৰ্ডিং ত ইমানেই মগ্ন আছিল যে তেওঁ ৰেলখন অহাৰ শব্দও শুনি পোৱা নাছিল।

হঠাতে, অতি দ্ৰুত পদ্মাৱত এক্সপ্ৰেছ আহি তেওঁলোকক খুন্দা মাৰিলে যাৰ ফলত ঘটনাস্থলীতে এগৰাকী মহিলাসহ তিনিজন লোকৰ মৃত্যু হয়।

তিনিওটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰিপোৰ্ট পালে স্পষ্ট হৈ উঠিব যে, প্ৰকৃততে কি কাৰণে তিনিও জনৰ মৃত্যু হ’ল।

অৱশ্যে, এইটোয়ে প্ৰথম ঘটনা নহয়। কেতিয়াবা ৰিল উঠোৱাৰ সময়ত, কেতিয়াবা চেলফি লোৱাৰ সময়ত, অতীতত একাধিকবাৰ ৰেলৰ খুন্দাত যুৱক-যুৱতীসকলৰ মৃত্যু হৈছে ।ৰেল বা প্ৰশাসনৰ হৈ সজাগতা বিয়পাই দিয়া হৈছে।

Exit mobile version