Kim Jong Un: কিমৰ দেশত গাখীৰ আৰু কফি বিক্ৰী কৰি কাৰাগাৰলৈ গ’ল ছিংগাপুৰত এজন ব্যক্তি

Kim 1

Kim Jong Un :

নিষেধাজ্ঞা স্বত্বেও, উত্তৰ কোৰিয়াত ষ্ট্ৰবেৰী গাখীৰ আৰু কফি বিক্ৰী কৰিছিল । ছিংগাপুৰৰ এখন আদালতে কাৰাগাৰৰ শাস্তি প্ৰদান কৰিছে এজন লোকক । মন কৰিবলগীয়া যে উত্তৰ কোৰিয়াৰ ওপৰত এটাৰ পাছত আনটো মিছাইল পৰীক্ষাৰ বাবে বৃহৎ পৰিমাণৰ আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰোপ কৰা হয় ।

তথ্য অনুসৰি, ফুয়া জে-হি নামৰ ৫৯ বছৰীয়া ব্যক্তিজনে নিষেধাজ্ঞা স্বত্বেও একনায়ক কিম জং উনৰ (Kim Jong Un)দেশত সামগ্ৰী বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰিছে।

দোষী সাব্যস্ত কৰাৰ পাছত বিগত সোমবাৰে লোকজনক পাঁচ সপ্তাহৰ কাৰাদণ্ড দিয়া হৈছিল । গোচৰৰ দস্তাবেজ অনুসৰি, ফুয়া জে-হি ছিংগাপুৰস্থিত শীতল পানীয় নিৰ্মাতা পোক্কা ইণ্টাৰনেচনেলৰ মেনেজাৰ আছিল।

২০১৭ আৰু ২০১৮ চনত, পোক্কা ইণ্টাৰনেচনেলে দেশখনৰ আইন উলংঘা কৰি উত্তৰ কোৰিয়ালৈ ষ্ট্ৰবেৰী ফ্লেভাৰযুক্ত গাখীৰ আৰু কফি প্ৰেৰণ কৰিছিল। সেই সময়ত তালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ পৰিমাণ, ইয়াৰ বজাৰ মূল্য এতিয়া ১০লাখ ডলাৰ।

গোচৰৰ নথি অনুসৰি,কোম্পানীটোৱে এই সামগ্ৰীবোৰ উত্তৰ কোৰিয়ালৈ চোৰাং কৈ সৰবৰাহ কৰাৰ স’তে জড়িত ব্যক্তি আৰু গোটবোৰক বিক্ৰী কৰিছিল।

ফুয়া জে হিয়েও এই লেনদেনৰ পৰা কোনো কমিছন লোৱা নাছিল। তেওঁ এইটো কেৱল কোম্পানীৰ সামগ্ৰী বিক্ৰীকৰাৰ লক্ষ্য পূৰণ কৰিবলৈ কৰিছিল। অৱশ্যে, কেৱল গাখীৰ বা কফিয়েই নহয়, ছিংগাপুৰৰ পৰা পিয়ংইয়ংলৈ ৱাইন, হুইস্কি আৰু পাৰফিউম প্ৰেৰণ কৰাটোও নিষিদ্ধ।

উত্তৰ কোৰিয়াক পাৰমাণৱিক আৰু বেলিষ্টিক মিছাইল পৰীক্ষাৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ নিষেধাজ্ঞাৰ অধীনত ৰখা হৈছে। ছিংগাপুৰৰ সংসদই ২০১৭ চনত এখন আইন গৃহীত কৰিছিল।

আইনখনে উত্তৰ কোৰিয়ালৈ শীতল পানীয়, কফি, সুৰা আৰু সুগন্ধি ৰপ্তানি নিষিদ্ধ কৰে।

দক্ষিণ কোৰিয়া আৰু আমেৰিকাই দাবী কৰিছে যে কিমে গোপনে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। ইয়াৰ আগতে ২০০৬ চনত তেওঁলোকে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিল।

পৰৱৰ্তী ১১ বছৰত, তেওঁলোকে এনে পৰীক্ষা ছয়বাৰ কৰিছে, কিন্তু ছেপ্টেম্বৰ ২০১৭-ৰ পৰা এনে কোনো পৰীক্ষা কৰা নাই। কিন্তু এইবাৰ উত্তৰ কোৰিয়াই পুনৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিবলৈ চেষ্টা কৰি আছে।

Exit mobile version