Arunachal Pradesh : অৰুণাচলত বায়ুসেনাৰ অনুশীলনক লৈ উৎকণ্ঠা 

images 7

Arunachal Pradesh :

দেশৰ বায়ুসেনাৰ শক্তি পৰীক্ষাৰ অংশৰূপেই আজিৰে পৰা অসম আৰু অৰুণাচলক সামৰি দুদিনীয়াকৈ চলোৱা হৈছে বায়ুসেনাৰ এক অনুশীলন । যোৱা ন ডিচেম্বৰত ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুয়োপক্ষৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ পাছত ভাৰতীয় বায়ুসেনাৰ এই অনুশীলন লক্ষ্যণীয় হৈ পৰিছে যদিও উক্ত ঘটনাৰ বা ইয়াৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ স’তে এই অনুশীলনৰ কোনো সম্পৰ্ক নাই বুলি প্ৰকাশ কৰিছে বায়ুসেনাই ।

বৃহস্পতিবাৰে বিয়লি বায়ুসেনাৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি কোৱা হৈছে যে দেশৰ বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত কালিৰে পৰা আৰম্ভ হোৱা দুদিনীয়া অনুশীলন পূৰ্বপৰিকল্পিত আৰু নিয়মীয়া প্ৰক্ৰিয়াৰে অংশ । ইয়াৰ স’তে টাৱাঙৰ শেহতীয়াকৈ ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি দোহাৰি লগতে কোৱা হৈছে যে এই ঘটনাৰ বহু পূৰ্বেই এই অনুশীলনৰ বাবে পৰিকল্পনা কৰা হৈছিল ।

দেশৰ বায়ুসেনাৰ কৰ্মীসকলৰ প্ৰশিক্ষণৰ অংশ হিচাপেই এই অনুশীলন বুলিও স্পষ্ট কৰিছে বায়ুসেনাই । এই অনুশীলনত দেশৰ অন্যতম যুজাৰু বিমান চুখ‌ই এম কৰে আইৰ লগতে ৰাফেল তথা আগশাৰীৰ সকলো যুদ্ধবিমান ব্যৱহাৰ কৰা হ’ব ।

তদুপৰি, এই বৃহৎ অনুশীলনৰ বাবেই ১৫ আৰু ১৬ ডিচেম্বৰত অৰুণাচলৰ বৃহৎ অংশৰ লগতে অসম, নগালেণ্ড আৰু মণিপুৰৰ কিছু অংশ উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে । ন ডিচেম্বৰৰ পাছৰ পৰাই দেশৰ সীমান্তৱৰ্তী অঞ্চলত দেশৰ বায়ুসেনাৰ গতিবিধিও পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পোৱাৰ বিপৰীতে সীমাৰ সিপাৰে আগ্ৰাসী চীনৰ যুজাৰুবিমান আৰু ড্ৰোণৰ ছবি ইতিমধ্যেই উপগ্ৰহৰ পৰা তোলা ছবিত স্পষ্ট হোৱাত সম্প্ৰতি বিষয়টোলৈ যথেষ্ট চৰ্চিত হৈছে দেশৰ সীমান্তৱৰ্তী অঞ্চলত ।

ইপিনে ৰাজ্যৰ তেজপুৰৰ লগতে অৰুণাচল প্ৰদেশৰ টাৱাংস্থিত বায়ুসেনাৰ ঘাটিত ইতিমধ্যে এডভাঞ্চ লেণ্ডিং ব্যৱস্থা গঢ়ি তোলাৰ উপৰি দেশৰ বায়ুসেনাই অৰুণাচল প্ৰদেশত ২০১৬ৰ পৰা বৰ্তমান পৰ্যন্ত মুঠ অৱস্থানত এডভাঞ্চ লেণ্ডিং ব্যৱস্থা গঢ়ি তুলিছে ।

Exit mobile version