Lakhimpur Visit Cm : লখিমপুৰত মুখ্যমন্ত্ৰী,১০৩১.৬৮ কোটিৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস

WhatsApp Image 2022 12 16 at 16.30.28

Lakhimpur Visit Cm :

উত্তৰ পাৰৰ অন্যতম জিলা লখিমপুৰত আজি পুৱাই যোৰহাটৰ আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ কে’বা গৰাকী কেবিনেট সতীৰ্থ ৷

লখিমপুৰৰ ঘূণাসুঁতি প্ৰকৃতিয়ে দুহাত উজাৰি সৌন্দর্য বিলাই দিয়া সোৱণশিৰিপৰীয়া বৃহত্তৰ অঞ্চল । ইয়াৰ পটভূমিতেই সৃষ্টি হৈছিল কালজয়ী উপন্যাস মিৰি-জীয়ৰী ।

বৰ্তমান এই কালজয়ী উপন্যাসৰ দুই চৰিত্ৰ জংকী আৰু পানৈৰ নামেৰে লখিমপুৰৰ ঘূণাসুঁতিত নিৰ্মাণ হোৱা ইতিহাসবিজড়িত ঐতিহাসিক লখিমপুৰ জিলাৰ “জংকী পানৈ ক্ষেত্ৰ”ৰ বিশাল জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে “বিকাশৰ বাবে এটা পষেক” কাৰ্যসূচীৰ অংশস্বৰূপে জিলাখনৰ উন্নয়নৰ বাবে ১০৩১.৬৮ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস ও শুভ উদ্বোধন কৰে ৷

মুখ্যমন্ত্ৰী শৰ্মাই পোনতে ইতিহাসে গৰকা সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হ’বলগা বহু প্ৰত্যাশিত ঐতিহাসিক “ঘূণাসুঁতি দলং” ৰ ভূমি পূজন কৰাৰ লগতে চাবতিস্থিত লখিমপুৰ ক্ৰীড়া প্ৰকল্প, লখিমপুৰ জিলা আন্তঃৰাজ্যিক বাছ আস্থানৰ দৰে ১৪ টা প্ৰকল্পৰ শিলান্যাস কৰে।

একেদৰে জিলাখনৰ উপপথ, খজুৱা তিনিআলিৰ পৰা ঢকুৱাখনা হৈ মাতমৰা পথ, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় সংযোগী পথ, লীলাবাৰীৰ পৰা চিয়াজুলী সংযোগী পথ, কাকৈ নদীৰ ওপৰত চিয়াজুলী-লীলাবাৰী পথৰ পকী দলং আদিকে ধৰি মুঠ ১০ টা নৱনিৰ্মিত কামৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধনো কৰে ৷

“জংকী পানৈ ক্ষেত্ৰ”ৰ বিশাল জনসভাত ৰাইজক সম্বোধন কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, এই জনকল্যাণকামী পদক্ষেপসমূহে ঐতিহ্যমণ্ডিত লখিমপুৰ জিলাখনৰ সামগ্ৰিক উন্নয়নৰ গতিক অধিক ত্বৰান্বিত কৰিব ৷

তাৰোপৰি সমগ্ৰ লখিমপুৰবাসী ৰাইজক হৃদয়ৰ গভীৰতম কোণৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আগন্তুক দিনকেইটাত উত্তৰ পাৰৰ জিলা কেইখনৰ উন্নয়ন চকা অধিক গতিত চলাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

লখিমপুৰ আৰু ঢকুৱাখনা সমষ্টিত নতুনকৈ ৬ হাজাৰকৈ অৰুণোদয় হিতাধিকাৰী অন্তৰ্ভুক্ত হোৱাৰ লগতে অহা বছৰ ৮ লাখ মহিলাক আঁচনিখনত অন্তৰ্ভুক্ত কৰাৰ উপৰিও লখিমপুৰ আৰু ঢকুৱাখনা সমষ্টিত নতুনকৈ ১০ হাজাৰ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু,নন্দিতা গাৰ্লোছা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে, মানৱ ডেকা, ভুবন পেগু, ড° অমিয় কুমাৰ ভূঞা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, এন এইচ পি চিৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তা সহ বহু কেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷

Exit mobile version