PMAY : প্ৰধানমন্ত্ৰী আৱাস নিৰ্মাণত ব্যাপক দুৰ্নীতি

ভুৱা গৃহ-ব্যক্তিৰ ফটোৰে জিঅ'টেগ কৰি ৮১,২৫০ টকা আত্মসাৎ মাটিয়া উন্নয়ন খণ্ডত

IMG 20221215 163216

PMAY :

গোৱালপাৰা জিলাৰ মাটিয়া উন্নয়ন খণ্ডৰ বিষয়া ৰবেন কুমাৰ বৰ্মনৰ প্ৰশাসনিক দূৰ্বলতাৰ বাবেই একাংশ তলতীয়া কৰ্মচাৰীয়ে আঁচনি ৰূপায়ণৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰা বুলি দীৰ্ঘদিনৰ পৰাই ৰাজহুৱা অভিযোগ উত্থাপিত হৈ আহিছে ।

শেহতীয়াভাৱে বুদুচৰ গাওঁ পঞ্চায়তৰ এগৰাকী প্ৰতিনিধিয়ে ভুৱা ফটো আৰু গৃহৰ জিঅ’টেগ কৰি বেংক একাউণ্টযোগে ৮১,২৫০ টকা উঠাই আত্মসাৎ কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত গাওঁ পঞ্চায়তৰ পা‍ঁচ নম্বৰ ৱাৰ্ডৰ বৰবালুপাৰাৰ সদস্য হাছানুৰ ইছলামে যোৱা ১৪ ডিচেম্বৰত গোৱালপাৰা গ্ৰামোন্নয়ন অভিকৰণ প্ৰকল্পৰ সঞ্চালকক এখনি লিখিত অভিযোগ দাখিল কৰিছে ।

অভিযোগ অনুসৰি বুদুচৰ গাঁও পঞ্চায়তৰ অন্তর্গত ন নম্বৰ ৱাৰ্ড অৰ্থাৎ বসন্তপুৰ ইঞ্চিৰ ওমেদ আলী শ্বেখৰ পুত্ৰ জেল হক (আইডি নম্বৰ – এএছ ২১৮৩৪৫২)ৰ নামত এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন হয় । কিন্তু কোনো ধৰণৰ গৃহ নিৰ্মাণ নকৰাকৈয়ে জেল হকৰ আইডিৰ বিপৰীতে ইতিমধ্যে দুটা কিস্তিত মুঠ ৮১,২৫০ টকা উঠোৱা হৈছে ।

ইয়াৰে প্ৰথম কিস্তি হিচাপে যোৱা ৩১ মে’ত ৩২৫০০ টকা আৰু ২১ এপ্ৰিলত ৪৮৭৫০ টকা বেংক একাউণ্টযোগে আদায় দিয়া হৈছে । অতি আশ্চর্যজনক কথাটো হল যে কোনো ধৰণৰ গৃহ নিৰ্মাণ নকৰা স্বত্বেও উক্ত হিতাধিকাৰীৰ বিপৰীতে দুটাকৈ কিস্তিৰ টকা নিয়ম বহিৰ্ভূতভাৱে আদায় দিছে কৰ্তৃপক্ষই ।

বিশেষকৈ জিঅ’টেগৰ সময়ত পুৰণি বৃহৎ আকাৰৰ অৰ্ধ নিৰ্মিত অৱস্থাত থকা ঘৰৰ স’তে এগৰাকী পঞ্চায়ত সদস্যৰ পত্নীৰ ফটো উঠাই দ্বিতীয় কিস্তিৰ টকা আদায় দিয়া হৈছে । কোনো ধৰণৰ তদন্ত নকৰাকৈয়ে উৎকোচৰ বিনিময়ত ভুৱা ব্যক্তি আৰু অন্য ঘৰৰ ফটো সম্বলিত জিঅ’টেগৰ বিপৰীতে কৰ্তৃপক্ষই টকা মোকলাই দিয়াটো সচেতন মহলে সহজভাৱে মানি ল’ব পৰা নাই ।

ইপিনে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক জালিয়াতিত লিপ্ত থকা চক্ৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনাইছে অভিযোগকাৰী পঞ্চায়ত সদস্য হাছানুৰ ইছলামে ।

উল্লেখ্য যে মাটিয়া উন্নয়ন খণ্ডৰ বিষয়া ৰাবেন কুমাৰ বৰ্মন এণ্ড কোম্পানীৰ ছত্ৰ ছায়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে অমৃত সৰোৱৰ, এমজিএনৰেগা, পঞ্চদশ বিত্তীয় আয়োগ আদি আঁচনিৰ উপৰিও হাট-বজাৰ পতনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

Exit mobile version