China : চীনসহ সমগ্র এছিয়াত আঘাত হানিবলৈ সক্ষম অগ্নি-৫, সফল পৰীক্ষণ ভাৰতৰ

agni v 9e2bde06 d318 11e6 a877 a82e4b02bda2 167111 1671116011051 1671116011183 1671116011183

China :

বৃহস্পতিবাৰে নিশাৰ অন্ধকাৰত অগ্নি- ৫ ক্ষেপণাস্ত্ৰৰ সফল উৎক্ষেপণ সম্পন্ন কৰিলে ভাৰতে। প্ৰতিৰক্ষা মন্ত্রণালয়ে কালি এই কথা প্রকাশ কৰি জনোৱা অনুসৰি, পাঁচ হেজাৰ কিলোমিটাৰৰ অধিক দূৰত্বভেদি সফলতাৰে লক্ষ্যস্থানত আঘাত হানিবলৈ সক্ষম অগ্নি-৫ ক্ষেপণাস্ত্র।

অৰ্থাৎ ভাৰতে অগ্নি-৫ ক্ষেপণাস্ত্ৰৰ জৰিয়তে সমগ্র এছিয়াকে ধ্বংস কৰিব পাৰিব। ইণ্টিগ্রেটেড গাইডেড মিছাইল ডেভেলপমেন্ট প্ৰগ্ৰামৰ অংশ হিচাপে অগ্নি ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলক উৎক্ষেপণ সম্পন্ন কৰা হ’ল।

বৰ্তমানলৈকে ভাৰতে প্ৰতিটো অগ্নি ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি আহিছে। বৃহস্পতিবাৰৰ এই পৰীক্ষামূলক উৎক্ষেপণৰ পাছত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এখোজ অগ্ৰসৰ হ’ল ভাৰত।

অগ্নি-৫ ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ দৰে শক্তিশালী ক্ষেপণাস্ত্ৰ। ভাৰতৰ এই নতুন ক্ষেপণাস্ত্ৰই মহাদেশৰ সীমা অতিক্রম কৰি ইউৰোপ আৰু আফ্ৰিকাৰ কিছু অংশতো আঘাত হানিবলৈ সক্ষম।

Exit mobile version