Gold Tea : আকৌ এবাৰ ইতিহাস ৰচিলে !

ডিব্ৰুগড়ৰ মনোহাৰী বাগিচাৰ 'গ'ল্ড টি' প্ৰতি কিলোত ১,১৫,০০০ টকাত বিক্ৰী

Manohari Gold Tea cropped 770x435 1

Gold Tea :

ডিব্ৰুগড়ৰ মনোহাৰী ‘গ’ল্ড টি’ কোম্পানীৰ চাহ আজি পুনৰ পূৰ্বৰ সকলো অভিলেখ ভংগৰে একপ্ৰকাৰ ইতিহাসৰ সৃষ্টি কৰি প্ৰতি কেজিত এক লাখ ১৫ হেজাৰ টকাত বিক্ৰী হয় । আজি হায়দৰাবাদৰ ‘নিলোফাৰ টি ইনটেক’ৰ নিলাম প’ৰ্টেলৰ জৰিয়তে এই চাহ বিক্ৰী কৰা হয় ।

একেৰাহে চাৰি বছৰৰ বাবে ২০১৮, ২০১৯, ২০২০ আৰু ২০২১ত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ভাৰতীয় চাহ ব’ৰ্ডৰ কেপ ৫০ টকাত সীমাবদ্ধ হোৱাৰ বাবে এক লাখ টকাত বিক্ৰী কৰিবলগীয়া হৈছিল ।

এই বছৰ ব্যক্তিগত নিলামৰ জৰিয়তে চাহ উদ্যোগৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰতি কিলোগ্ৰামত ১,১৫,০০০ টকাত বিক্ৰী কৰা হৈছে । মনোহাৰী গ’ল্ড টিয়ে ছেকেণ্ড ফ্লাছৰ সময়ত তৈয়াৰ কৰা হয় আৰু বহু উন্নততম ক্ল’ন, পি-১২৬ৰ সহায়ত তৈয়াৰ কৰা হয় ।

যিটো বিশ্বৰ চাহ বনোৱাৰ বাবে সৰ্বোত্তম ক্ল’ন বুলি কোৱা হয় । পুৱাৰ চাৰি বজাৰ পৰা ছয় বজাৰ ভিতৰত পাতবোৰ ছিঙি লোৱা হয়, যাতে ৰ’দে নিজৰ সুকীয়া সুগন্ধি আৰু সোৱাদৰ পৰিৱৰ্তন নকৰে ।

এই সময়ত চাহৰ কলিবোৰ দেখাত প্ৰায় ২৪ কেৰেট সোণৰ দৰে আৰু ই বিশ্বৰ আটাইতকৈ স্বাস্থ্যকৰ পানীয় বুলিও বিবেচিত হৈ আহিছে । ইয়াত এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদান থাকে, যিয়ে শৰীৰত শক্তিশালী প্ৰভাৱ পেলায় আৰু আন বহুতো উপকাৰ সাধন কৰে ।

Exit mobile version