IPL : আইপিএল ক্ৰিকেটৰ বাবে নিৰ্বাচিত অসমৰ উদীয়মান ক্ৰিকেটাৰ মুখতাৰ হুছেইন

download 16

IPL :

অসমৰ ক্ৰীড়া জগতলৈ আহিল এটা ভাল খবৰ । ২০২৩ বৰ্ষৰ আইপিএল ক্ৰিকেট লীগৰ নিলামৰ বাবে নিৰ্বাচিত অসমৰ অন্যতম উদীয়মান ক্ৰিকেটাৰ মুখতাৰ হুছেইন ।

ডিব্ৰুগড়ৰ এই খেলুৱৈজন বৰ্তমান ৰঞ্জি দলৰ সদস্য হৈ আছে । উল্লেখ্য যে , ২০২৩ বৰ্ষৰ আইপিএল লীগৰ বাবে আন্ত:জাৰ্তিক ক্ৰিকেট ক্ষেত্ৰৰ পৰা মুঠ ৯৯৯ জন খেলুৱৈ নাম পঞ্জীয়ন হৈছে ।

২৩ বছৰীয়া এই খেলুৱৈজনক বলিঙৰ বাবে নিৰ্বাচন কৰা হৈছে । বিশ্বজুৰি খ্যাতি লাভ কৰা আইপিএল লীগত মুখতাৰ নাম পঞ্জীয়ন হোৱাত স্বাভাৱিকতে ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত আনন্দৰ জোৱাৰ উঠিছে ।

Exit mobile version