Nalbari : নলবাৰীৰ লিটিল ফ্লাৱাৰ্ছৰ বাৰ্ষিক অনুষ্ঠান সম্পন্ন

ছাত্ৰ ইমনজ্যোতি লৈ অক্ষয় কুমাৰ কাজী বঁটা, লাচিত হাউচলৈ শ্ৰেষ্ঠ হাউচ বঁটা

WhatsApp Image 2022 12 17 at 18.13.20

Nalbari :

নলবাৰীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ্ছ স্কুলৰ বাৰ্ষিক সভাত আজি ছাত্ৰ ইমনজ্যোতি কলিতাক বৰ্ষটোৰ শ্ৰেষ্ঠ ছাত্ৰ হিচাপে অক্ষয় কুমাৰ কাজী বঁটা প্ৰদান কৰা হয় ।

ইফালে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক, মানসিক উৎকৰ্ষ সাধনৰ বাবে অনুষ্ঠিত বিভিন্ন কৰ্মসূচীৰ ক্ষেত্ৰত ভণিতা শৰ্মাৰ নেতৃত্বত পৰিচালিত লাচিত হাউচক শ্রেষ্ঠ হাউচৰ সন্মান প্ৰদান কৰা হয় ।

নলবাৰী নাট্যমন্দিৰ প্ৰাংগনত অনুষ্ঠিত সভাত ৰেণুপ্ৰভা স্মাৰক বঁটাও প্ৰদান কৰা হয় ।

আকাশবাণী কেন্দ্ৰৰ বিশেষ বিষয়া অসীম কুমাৰ কাজী আৰু শৰ্মিষ্ঠা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আধ্যক্ষ ৰুকমা গোহাঁই বৰুৱাই ভাষণ প্ৰসংগত কয় যে নলবাৰীত ভাল ভাল ছাত্ৰ-ছাত্ৰী বহুত আছে কিন্তু প্ৰকৃত পৰিচালনাৰ অভাৱ আছে ।

ইফালে, লালন কোচিং ক্লাছৰ পৰিচালন সঞ্চালক লালন কুমাৰে অভিভাৱকে সকলো সময়তে শিশুৰ নজৰ ৰখা উচিত বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য দিয়ে ।

আজিৰ সভাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আন বঁটাও প্ৰদান কৰা হয় । অনুষ্ঠানত প্ৰতিষ্ঠিত গায়িকা অপৰ্ণা দত্ত চৌধুৰীৰ গীত আৰু নাটকৰ সংলাপে অধিক মাত্ৰা প্ৰদান কৰে ।

Exit mobile version