Narengi : নাৰেংগী ছাত্ৰ সন্থাৰ ছহীদ বেদী মুকলি

WhatsApp Image 2022 12 17 at 18.44.44

Narengi :

ঐতিহাসিক অসম আন্দোনৰ ছহীদ খগেন ভৰালীৰ পৱিত্ৰ স্মৃতিত নাৰেংগী হাইস্কুল প্ৰাংগনত নিৰ্মাণ কৰা এটি ছহীদ বেদী আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি অনোৱাৰ হুছেইনে ছহীদ বেদীটো আনুষ্ঠানিকভাৱে মুকলি কৰে ।

আজিৰ এই মুকলি অনুস্থানত উপস্থিত থাকে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকা, ছহীদ খগেন ভৰালীৰ পৰিয়ালৰ হৈ মীৰা ভৰালী, নাৰেংগী ছাত্ৰ সন্থাৰ সভাপতি দিপজ্যোতি কলিতা, সম্পাদক নিপু আলী ।

উল্লেখ্য যে, নাৰেংগী ছাত্ৰ সন্থাই ১৯৮৪তেই নাৰেংগী হাইস্কুলৰ চাৰিসীমাৰ বাহিৰত প্ৰতিষ্ঠা কৰিছিল ছহীদ বেদীটো । কিন্তু ভি আই পি ৰোড নিৰ্মাণৰ ফলত মূল পথটো বহল হোৱাত ছহীদ বেদীৰ পৰিসৰ ঠেক হৈ পৰে ।

সেয়ে পূৰ্বৰ ছহীদ বেদীটোৰ দুৰাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি নাৰেংগী ছাত্ৰ সন্থাৰ উদ্যোগত নাৰেংগী হাইস্কুল প্ৰাংগনত নতুন আৰ্হিত নিৰ্মাণ কৰা হয় ছহীদ বেদীটো ।

Exit mobile version