Thief Arrested : নুনমাটি আৰক্ষীৰ জালত পৰিল দুই চুৰ

Thief Arrested :

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাই আহিছে একাধিক গাড়ী চুৰিৰ ঘটনা ৷ এই গাড়ী চুৰিৰ চক্ৰসমূহে ন ন কৌশল অৱলম্বন কৰি গাড়ী চুৰি কৰি ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত গাড়ী সমূহ বিক্ৰী কৰাৰ উপৰিও চুৰি গাড়ী সমূহ ভাঙিচিঙি ইয়াৰ যন্ত্ৰণাংশ বিভিন্ন ডেম্পত বিক্ৰী কৰি আহিছে ৷

এনে এক বৃহৎ চক্ৰৰ স’তে জঢ়িত দুই চুৰক কৰায়ক্ত কৰিবলৈ সক্ষম হৈছে নুনমাটি আৰক্ষী ।নুনমাটি আৰক্ষীয়ে কালি এক অভিযান চলাই গাড়ী চুৰি চক্ৰটোৰ দুইজনকৈ গভাইত চোৰক গেপ্তাৰ কৰে৷

নিজকে গুৱাহাটী পৌৰনিগমৰ কৰ্মচাৰী বুলি চিনাকি দি পথৰ কাষত ৰখাই থোৱা মিনি বাছ লয় উধাও হৈছিল চোৰ দুটা৷

উল্লেখ্য যে যোৱা চাৰি নৱেম্বৰ তাৰিখে মহানগৰীৰ নাৰেঙ্গীৰ পৰা জিতেন চন্দ্ৰ দাস নামৰ লোক এজনৰ AS 01- AC 9774 নম্বৰৰ এখন মিনি বাছ নাৰেঙ্গী গণেশ মন্দিৰ সমীপৰ পৰা চুৰি হৈছিল।

গাড়ী খনৰ গৰাকীয়ে চুৰি কাৰ্য্য সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে কালি মহানগৰীৰ ছয় মাইল আৰু দিছ্পুৰ অঞ্চলৰ পৰা দুজন গভাইত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে।

ধৃত চোৰ দুজন হ’ল ৱাহিদৰ ৰহমান,(৩১) আৰু ৰেজাউল আলী ওৰুফে বিতু (৩০)। তথ্য অনুসৰি, উক্ত চোৰ দুটাই বাছ খনৰ মালিক জিতেন চন্দ্ৰ দাসক পৌৰনিগমৰ কৰ্মচাৰী বুলি ফোনত চিনাকি দি, গাড়ী খন পথৰ কাষৰ পৰা উঠাই নিয়া হ’ব বুলি চুৰি কৰি লৈ যায়৷

পাছত চুৰি কৰা মিনি বাছ খন চক্ৰটোৱে মহানগৰীৰ বেহাৰবাৰীৰ ডেম্পত কাটি গাড়ীৰ যন্ত্রৰ অংশ সমূহ এটা এটাকৈ বিক্ৰী কৰে ।নুনমাটি আৰক্ষীয়ে অভিযান চলাই সম্প্ৰতি মিনি বাছ খনৰ যন্ত্ৰৰ অংশ জব্দ কৰাৰ লগতে ডেম্পটোৰ এজন কৰ্মচাৰী কৈলেশ্বৰ পণ্ডিতকো সোধপোছৰ বাবে নুনমাটি থানালৈ নিয়ে৷

নুনমাটি আৰক্ষীয়ে ৩৫২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আনহাতে আৰক্ষীয়ে জনোৱা মতে ধৃত চোৰ দুটাই পূৰ্বেও গাড়ী চুৰি কৰি বেহাৰবাৰীৰ ডেম্পটোতে গাড়ী সমূহ কাটি যন্ত্ৰৰ অংশ বিক্ৰী কৰাৰ লগতে গাড়ী চুৰিৰ বৃহৎ চক্ৰৰ স’তে জড়িত আছে৷ আনহাতে বৰ্তমানলৈকেও পলাতক অৱস্থাত আছে বেহাৰবাৰীৰ ডেম্পৰ স্বত্বাধিকাৰী জন৷

Exit mobile version