Beijjing Covid Spreads : চীনত ক’ৰনাত ভয়ংকৰ পৰিস্থিতি ,অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ শ্মশানৰ অভাৱ !

ক্লিনিকত ৰোগীৰ অত্যাধিক ভীৰ

WhatsApp Image 2022 12 18 at 12.35.13

Beijjing Covid Spreads :

ক’ৰোনা ভাইৰাছে চুবুৰীয়া দেশ চীনত ভয়াৱহ ৰূপ লৈছে ৷ দেশখনৰ ৰাজধানী বেইজিংত কৰ’ণাত মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত এতিয়া এনে এক পৰ্যায় পাইছেগৈ যে অন্ত্যেষ্টিক্ৰিয়া আৰু শ্মশানৰ দায়িত্বত থকা লোক সকলৰ থৰকাচুটি হেৰাইছে ৷

মৃতদেহ সৎকাৰ কৰিবলৈ স্থানৰ অভাৱৰ বাবে শ্মশানৰ দায়িত্বত থকা লোক সকল বিপাঙত পৰিছে ৷ আনকি উপযুপৰি অহা ফোনবোৰ ৰিছিভ কৰাৰ পৰা বিৰত আছে ৷

বেইজিংৰ উপকন্ঠ অঞ্চলত শ্মশানত মৃতদেহ সৎকাৰ বাবে আত্মীয়ৰ দীঘলীয়া শাৰি ৷ ঠায়ে শাৰিত থকা লোকৰ মাজত সৃষ্টি হৈছে হতাহতি ৷

ৰঙাচীনৰ ৰাজধানী চহৰ খনত কৰ’ণাৰ ভয়ংকৰ সংক্ৰমণৰ পিছৰ পৰিস্থিতি অতি জটিল হোৱাৰ পিছতো টিংৰ পৰা নমা নাই ৰাষ্ট্ৰপতি জি জিন পিন ৷

কিছুদিন পূৰ্বে কৰ’নাৰ নতুন অমিক্ৰনৰ প্ৰকাৰ দুৰ্বল হোৱা বুলি কৰা ঘোষণা কৰি বিষয়টো পাতল কৰিবলৈ চেষ্টা কৰিছিল৷ আনকি প্ৰশাসনে ক’ভিড প্ৰটকল মেনেজমেণ্ট নিয়ম বাৰে বাৰে সলনি কৰি জনতাত বিপাঙত পেলাইছিল ৷

যাৰবাবে ৰাজধানী চহৰখনৰ বাসিন্দাসকল ক্ষুব্ধ হৈ পৰিছিল ৷ চহৰখনৰ বিভিন্ন স্থানত কৰ’ণা আক্ৰান্ত লোকসকলক নিজ বাসগৃহতে চিকিৎসা কৰিবলৈ পৰামৰ্শ দি চৰকাৰী দায়িত্বৰ পৰা নিৰাপদ দূৰত অৱস্থান কৰিছে ৷ যাৰবাবে শেহতীয়াকৈ মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷

বেইজিংৰ মিয়ুন অন্ত্যেষ্টিক্ৰিয়া গৃহৰ এজন কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি যে, “এতিয়া আমাৰ ওচৰত কম গাড়ী আৰু কৰ্মচাৰী আছে।

অন্ত্যেষ্টিক্ৰিয়াৰ বৰ্ধিত চাহিদা পূৰণ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত কোভিড সম্পৰ্কীয় মৃত্যু বৃদ্ধি পাইছে নে নাই সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই ।

আনহাতে হুইৰু অন্ত্যেষ্টিক্ৰিয়া গৃহত এটা মৃতদেহ অন্ত্যেষ্টিক্ৰিয়া কৰাৰ আগতে তিনিদিন অপেক্ষা কৰিব লগা পৰিবেশৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰে এজন নাম প্ৰকাশৰ পৰা বিৰত থকা কৰ্মচাৰীয়ে ।

মনকৰিবলগীয়া যে তিনি ডিচেম্বৰত এজন স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়াই সদৰি কৰে যে কৰ’ণাত আক্ৰান্ত হৈ হোম কোৱাৰেন্টিনত মৃত্যু হোৱা লোক এজনৰ আত্মীয়ক অনিচ্ছাস্বত্বেও ক’বলৈ বাধ্য দয় যে, “আপুনি বিচাৰিলে ইয়াৰ পৰা মৃতদেহটো লৈ যাব পাৰে, কিয়নো মৃতদেহ সৎকাৰ বাবে পৰিস্থিতি অতি ব্যস্ত হৈ আছে ৷

কৰ’ণা শেহতীয়া সংক্ৰমণত বৃহৎ জনসংখ্যাৰ দেশখনে আগন্তুক সময়ছোৱাত প্ৰতিৰোধ কেনেকৈ কৰে সেইয়া হ’ব লক্ষণীয় ৷

উল্লেখ্য যে ২০২০ ত চীনৰ উহান প্ৰদেশৰ পৰা সংক্ৰমিত হোৱা কৰ’নাই সমগ্ৰ বিশ্বলৈ বিয়পি পৰে ৷ ফলত কোটি কোটি লোক মৃত্যুমুখত পৰাৰ লগতে অৰ্থনৈতিক মেৰুদণ্ড বিধস্ত প্ৰায় হৈ পৰে ৷

অৱশ্যে বিগত বৰ্ষৰ প্ৰথমভাগৰ পৰা দেশ সমূহৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ৷ কিন্ত চীনত পুনৰ কৰ’নাৰ শেহতীয়া ভেৰিয়েন্টৰ ভয়াৱহ সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে বিস্বস্বাস্থ্য সন্থা ৷

Exit mobile version