Crime : লিভ- ইন সংগীক হত্যাৰ অভিযুক্তৰ ৰহস্যমৃত্যু, কাৰাগাৰৰ শৌচাগাৰত উদ্ধাৰ মৃতদেহ

1668909999 death56

Crime :

লিভ-ইন সংগীক হত্যাৰ অভিযুক্তৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হ’ল কাৰাগাৰত । দেওবাৰে ঘটনাটো সংঘটিত হৈছে কেৰালাৰ তিৰুৱন্ত পুৰমত ।

ADVERTISEMENT

তথ্য অনুসৰি, তিৰুৱন্তপুৰমৰ পূজাপপুৰা অঞ্চলৰ এখন কাৰাগাৰৰ শৌচালয়ৰ ভিতৰত লোকজনৰ মৃতদেহ ওলমি থকা অৱস্থাত পোৱা গৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে।

মৃতব্যক্তিজনৰ ৰাজেশ (৪৬) বুলি চিনাক্ত কৰা হৈছে। ৰাজেশক তেওঁৰ লিভ-ইন সংগীক সিন্ধুক (৪৭) ৰেপি হত্যা কৰাৰ অভিযোগত ১৫ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হয়। তাৰ পাছত, আদালতে তেওঁক কাৰাগাৰত জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে ।

অনুসন্ধানৰ সময়ত, আৰক্ষীয়ে জানিব পাৰিছিল যে সিন্ধু এখন দোকানৰ সন্মুখত থিয় হৈ আছিল। সেই সময়ত ৰাজেশে তেওঁক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ।

সিন্ধুক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তেওঁৰ ডিঙি, হাত আৰু মূৰত আঘাতৰ চিহ্ন আছিল। পাছত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

ৰাজেশ আৰু সিন্ধু যোৱা ১২ বছৰ ধৰি একেলগে বাস কৰি আছিল। শেহতীয়াকৈ, বিভিন্ন বিষয়ত তেওঁলোকৰ মাজত বিবাদ সৃষ্টি হয় । সেইকাৰণে সিন্ধুৱে অলপতে আন ঠাইত থাকিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছত,খঙত তেওঁৰ সংগীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাজেশৰ বিৰুদ্ধে।

Exit mobile version