Ginger :
ৰন্ধনৰ উপাদান আৰু ঔষধ হিচাপে প্রায় পাঁচ হেজাৰ বছৰ আগৰে পৰাই আদা ব্যৱহাৰ হৈ আহিছে। আদাৰ ঔষধি গুণাগুণৰ বাবে বিশ্বৰ বহুল ব্যৱহৃত ভেষজসমূহৰ ভিতৰত ই অন্যতম।
কাৰ বাবে অনুপযোগী
ব্লিডিং ডিজ’ৰ্ডাৰ*হেম’ফিলিয়া ৰোগী : আদাই ৰক্ত সঞ্চালনক উদ্দীপিত কৰাৰ মাধ্যমেৰে ৰক্ত প্রবাহ বন্ধ কৰি তেজ জমা হোৱাত বাধা প্ৰদান কৰে। ফলত ৰক্তপাতৰ গতি বৃদ্ধি পাব পাৰে।
যাৰ পিত্তস্থলীত পাথৰ আছে : আদাই পিত্তস্থলীত অৱস্থিত বাইল ছল্টৰ উৎপাদনক উদ্দীপ্ত কৰে। সেয়ে উক্ত সমস্যা থকা সকলে আদা একেবাৰে খাব নালাগে।
যাৰ জ্বলা-পোৰা ঘা আছে : যাৰ খাদ্যনলীৰ নিম্নাংশত বাধা, ঘা বা আন কোনো ধৰণৰ জ্বলা-পোৰাৰ সমস্যা আছে; তেওঁলোকৰ ক্ষেত্ৰত অত্যধিক পৰিমাণে সতেজ আদা খালে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে। আনকি খাদ্যনলীৰ নিম্নাংশত বাধাৰো সৃষ্টি হ’ব পাৰে।
গৰ্ভৱতী মহিলা : আদাৰ ৰক্ত সঞ্চালন বৃদ্ধিকাৰী বৈশিষ্ট্যৰ বাবে গৰ্ভৱতী মহিলাই এইবিধ ভেষজ নোখোৱাই ভাল। ই জৰায়ু সংকোচন কৰে তথা আয়ৰণ আৰু পানীত দ্ৰৱণীয় ভিটামিনবোৰ শোষণত বাধা দিয়ে। অত্যধিক পৰিমাণৰ আদাই গর্ভপাতৰ আশংকা বৃদ্ধি কৰে। তথাপি যদি খাবই লাগে; তেন্তে অভিজ্ঞ চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লৈ ডায়েটেৰী ছাপ্লিমেন্ট কেপচুল*টেবলেট হিচাপে আদা খাব পাৰে। কিন্তু গৰ্ভাৱস্থাৰ অন্তিম পৰ্যায়ৰ সপ্তাহবোৰত কোনোপধ্যেই আদা খাব নালাগে। মধুমেহ আৰু উচ্চ ৰক্তচাপ থকাসকলে নিয়মিতভাৱে আদাৰ চাহ খালে বিভিন্ন ঔষধৰ স’তে মিহলি হৈ ৰক্তচাপ আৰু ৰক্ত শৰ্কৰা হ্ৰাসত সহায় কৰে। কিন্তু যিসকলে এস্পিৰিণ আৰু ৱাৰফিন জাতীয় ৰক্ত সংকোচন আৰু তৰলীকৰণৰ ঔষধ সেৱন কৰে, তেওঁলোকে আদা খোৱা ভাল নহয়। কাৰণ ইয়াৰ পৰিণাম বিপৰীত হ’ব পাৰে।
অস্ত্রোপচাৰৰ পূৰ্বে :অস্ত্রোপচাৰৰ পূৰ্বে আদা খালে অত্যধিক ৰক্তপাতৰ আশংকা থাকে। সেয়ে যিকোনো অস্ত্রোপচাৰৰ কমেও দুসপ্তাহৰ অঅগৰ পৰাই আদা খোৱা বন্ধ কৰিব লাগে।
সম্ভাৱ্য ভেষজ ক্রিয়া-প্রতিক্ৰিয়াৰ বাবে : হালধি, নহৰু, গিংকো বিল’বা, জিনছেং আদি ভেষজবোৰে তেজ গোট মৰা কাৰ্যক মন্থৰ আৰু সংকুচিত কৰে। কিন্তু সেইবোৰৰ স’তে আদাৰ মিশ্ৰণ ঘটিলে সেইবোৰৰ গুণাগুণ বৃদ্ধি পায়; ফলত ৰক্তপাতৰ আশংকাও থাকে।