GNRC Hospital: জিএনআৰচিত ভয়ংকৰ ঘটনা ! সলনা-সলনি হ’ল মৃতদেহ ; মহিলাৰ বিপৰীতে পুৰুষৰ মৃতদেহ প্ৰদান 

download 1 11

GNRC Hospital :

আজি পুৱা উত্তৰ গুৱাহাটীৰ জিএনআৰচি হাস্পাতালৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে । মৃতকৰ পৰিয়ালক মহিলা মৃতদেহৰ সলনি পুৰুষৰ মৃতদেহ প্ৰদান কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰাপ্ত তথ্য অনুসৰি , জ্যোতিকা বসুমতাৰী নামৰ এগৰাকী মহিলাৰ মৃতদেহ আনিবলৈ আজি পুৱা চিকিৎসালয়লৈ গৈছিল পৰিয়ালৰ লোক ।

কিন্তু হাস্পাতাল কৰ্তৃপক্ষই মৃত মহিলাগৰাকীৰ পৰিৱৰ্তে অন্য এজন পুৰুষৰ মৃতদেহ চমজাই দিয়ে পৰিয়ালটোক । উল্লেখ্য যে , মৃতদেহ সৎকাৰ কৰিবলৈ লওঁতেহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । ৰাজ্যৰ অন্যতম এখন পৰিচিত হাস্পাতালৰ এনে কাণ্ডজ্ঞানহীন কৰ্মই এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

Exit mobile version