Horoscope:দিনটোৰ ৰাশিফল

WhatsApp Image 2022 12 18 at 11.02.40

Horoscope:

মেঘ:মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বৃদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব ৷ সাহস আৰু দক্ষতা সমভাৱে কৰি উপকৃত হ’ব ৷ কৰ্মস্থানত আনন্দ ৷ প্ৰেমত আনন্দ৷শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৭ ৷

বৃষ:বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব ৷ বিয়া- বাৰু বা উৎসৱ আদিত যোগদান কৰক৷ মাতৃৰ চিন্তা ৷ আৰ্থিকত ব্যয় বৃদ্ধি পাব ৷ব্যৱসায়ত মাধ্যম ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৩ ৷

মিথুন:মধ্যম দিন হ’লেও কৰ্মস্থানত ভালেই দেখিব আৰ্থিকভাৱে বেয়া নহ’ব ৷ দায়িত্বপূৰ্ণ কামত মাংগলিক কৃতকাৰ্য হোৱাৰ সম্ভাৱনা ৷ বিদ্যাত শুভ ফল ৷ শৰীৰ মধ্যম ৷ শুভ ৰং হালধীয়া ৷শুভ সংখ্যা ৫ ৷

কৰ্কট:সহযোগীৰ সহায়ত উৎসাহ পাব ৷ প্ৰতাৰকৰ বাবে দুশ্চিন্তাত থাকিব ৷ কৰ্মস্থানত আয় বৃদ্ধিৰ কাৰক ৷নতুন কোন উদ্দেশ্যত সফল হ’ব ৷ প্ৰেমত নিৰাশা শুভ ৰং সেউজীয়া ৷ শুভ সংখ্যা ৬ ৷

সিংহ:আচৰিত কথাৰ সম্ভেদ পাব ৷ আাৰ্থিকতো কিছু কষ্ট শৰীৰ সম্পৰ্কে উদাস নহ’ব ম ৷ বিদ্যাত বেয়া বোলা নায়ায় ভ্ৰমণত অলপ সাৱধান থাকক ৷ ঘৰুৱা শুভ ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৩ ৷

কন্যা:মজলীয়া ভাৱে দিনটো পাৰ হ’ব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সৰ্তক থকাটো উচিত হ’ব ৷ প্ৰেম- প্ৰীতিত উদাস চিন্তা৷পঢ়াত মধ্যম ৷দাম্পত্য জীৱন পূৰ্বনুৰূপ ৷ শুভ ৰ’ ৰঙা ৷ শুভ সংখ্যা ৯ ৷

তুলা:শৰীৰ পূৰ্বৰ তুলনাত আশাপদ ৷ আপুনি ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব ৷ উচ্চ বিদ্যাত সাফল্য লাভ ৷ আাৰ্থিকত আয় বৃদ্ধি পাব ৷ কোন প্ৰিয় লোকৰ যোগাযোগত আনন্দ ৷ শুভ ৰং বগা ৷ শুভ সংখ্য ৪ ৷

বৃশ্চিক: ব্যৱসায়- বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব ৷ কৰ্মস্থানত উন্নত আশা নকৰাই পাব ৷ পঢ়াত মনোনিৱেশ কৰিব ৷ ভ্ৰমণত সাৱধান ৷ শুভ ৰং আকাশী ৷ শুভ সংখ্যা ৮ ৷

ধনু:দিনটোৰ পাৰিপাৰ্শ্বিক বাধা-বিঘিনীৰ কাৰণে মনটো গধুৰ হৈ থাকিব ৷ শৰীৰৰ প্ৰতি আওকাণ নকৰিব ৷ কৰ্মত খ্যাতিৰ বৃদ্ধিৰ যোগ ৷ পিতৃৰ পৰা সহানুভূতি লাভ কৰিব ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ৭ ৷

মকৰ:কৰ্মত মজলীয়া প্ৰভাৱ পৰিব ৷ নিজৰ মান- সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব ৷ বিদ্যাত ধৈৰ্য ধৰক ৷ পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্ৰমণত দ্ৰব্য লাভ কৰিব | ব্যৱসায়ত আশাপদ উন্নতিৰ যোগ ৷ শুভ ৰঙা মাটিয়া ৷শুভ সংখ্যা ১ ৷

কুম্ভ:নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক ৷ কৰ্মৰ দক্ষতা থাকিব ৷ ব্যৱসায়,বাণিজ্য,উদ্যোগ আদিত সফলতা ইংগিত দেখা যায়। পঢ়া- শুনাত শুভ ৷ পিতৃ- মাতৃৰ চিন্তা ৷ শুভ ৰং ক’লা ৷ শুভ সংখ্যা ২ ৷

মীন:যত্নৰ দ্বাৰা বিদ্যাত সাফল্যৰ আভা ৷ আৰ্থিকত ব্যয় বৃদ্ধি পাব ৷ কোন দূৰ বাৰ্তাত আনন্দ লাভ ৷ বেংক কৰ্মচাৰীৰ শুভ ৷ কোনো কাৰণত মন চঞ্চল থাকিব ৷ প্ৰেমত শুভ ৷ শুভ ৰং সোণালী ৷ শুভ সংখ্যা ৩ ৷

Exit mobile version