Assam Pradesh Congress Youth Committee President Ankita Dutta : সাৰদাৰ গোচৰৰ সন্দৰ্ভত কলকাতাত কংগ্ৰেছৰ অপসাৰিত সভানেত্ৰী অংকিতা দত্তৰ জেৰা আৰম্ভ

Ankita Dutta

Assam Pradesh Congress Youth Committee President Ankita Dutta :

সাৰদা গোচৰৰ সন্দৰ্ভত আজি ইডিৰ সন্মুখীন হৈছে সদ্য অপসাৰিত হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত ।

কলকাতাত প্ৰৱৰ্তক সঞ্চালকালয় চমুকৈ ইডি কাৰ্যালয়ত আজি সাৰদা কেলেংকাৰীৰ এটা গোচৰত জেৰাৰ সন্মুখীন হৈ আছে নেত্ৰীগৰাকী ।

কলকাতাত উপস্থিত হোৱাৰ পাছতে আজিৰে পৰা নেত্ৰীগৰাকীৰ ওপৰত জেৰা আৰম্ভ হৈছে । উল্লেখ্য যে , সাৰদা কেলে‌ংকাৰীত নেত্ৰীগৰাকীৰ পিতৃ অঞ্জন দত্তৰ মালিকানাধীন অনুভূতি প্ৰিণ্টাৰ্চ এণ্ড পাব্লিচাৰ্ছৰ নাম সাঙোৰ খাই পৰিছিল ।

যাৰ পৰিপ্ৰেক্ষিতত কিছুদিন পূৰ্বে নেত্ৰীগৰাকীয়ে উক্ত তদন্তকাৰী সংস্থাটোৰ পৰা চমন লাভ কৰিছিল । ইফালে গোচৰটোৰ সন্দৰ্ভত প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে দেওবাৰে কয় যে , এই বিষয়টোৰ সন্দৰ্ভত তেওঁ একো নাজানে , যিহেতু সেইসময়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল ।

যোৱা ১৭ ডিচেম্বৰত ‘ ভাৰত জোড় যাত্ৰা’ ৰ অন্তিমদিনা আকস্মিকভাৱে নেত্ৰীগৰাকীক অসম যুৱ প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰাও অপসাৰিত কৰা হৈছিল । তেনেক্ষেত্ৰত সমগ্ৰ বিষয়টোৱে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে ।

Exit mobile version