Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !

    Hath Se Hath Jodo :অসম প্ৰদেশ কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান সম্পন্ন উদাৰবন্দত

    Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !

    Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

    Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

    G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Brahmaputra River : ৰঙাচীনৰ অতপালিত মৰুময় হোৱাৰ দিশত বৰলুইত

অস্বাভাৱিক হাৰত শুকাইছে ব্ৰহ্মপুত্ৰ

publisher by publisher
December 19, 2022
in News, Assam
Reading Time: 2 mins read
0
Brahmaputra River : ৰঙাচীনৰ অতপালিত মৰুময় হোৱাৰ দিশত বৰলুইত
1
SHARES
6
VIEWS
ShareShareShareShare

Brahmaputra River :

এফালে বৃষ্টিহীনতা আৰু আনফালে ৰঙাচীনৰ অতপালিত অস্বাভাৱিক হাৰত হ্ৰাস পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলৰাশি। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছে যে কেইবছৰমানৰ আগতে খৰালি কালত নাৱৰে পাৰ হ’বলগীয়া হোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিৰে এতিয়া চাইকেল চলাই পাৰ হৈছে জনতাই।

ADVERTISEMENT

দিন যোৱাৰ লগে লগে ক্ৰমশঃ মৰুৰ ৰূপ লৈছে মহাবাহুৰ বক্ষই। এফালে উৎসতে চীনে অসমত পৰিচিত ব্ৰহ্মপুত্ৰ আৰু তিব্বতত পৰিচিত য়াৰ্লং চাংপ’ৰ বুকুত বৃহৎ নদীবান্ধ স্থাপন কৰি জলবিদ্যুৎ উৎপাদনৰ বাবে ব্ৰহ্মপুত্ৰৰ স্বাভাৱিক সোঁত প্ৰতিৰোধ কৰিছে, ঠিক তেনেদৰেই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত যোৱা ছেপ্টেম্বৰৰ পৰা বৰষুণ নোহোৱা বাবে ব্ৰহ্মপুত্ৰৰ জলধাৰা ক্ৰমাৎ নিম্নগামী হৈছে।

RelatedPosts

Climate Change  : ব্ৰহ্মপুত্ৰলৈ গভীৰ সংকটৰ আগজাননী

Azara: ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াই ভাবুকি আনিছে বৰঝাৰ বিমানবন্দৰলৈ

Boat Accident :গৰৈমাৰীত নিশা ভয়ংকৰ নাও দুৰ্ঘটনা

যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীলৈ চলাচল কৰা জল পৰিবহণ ব্যৱস্থা কাৰ্যত স্তব্ধ হৈ পৰিছে। দক্ষিণপাটৰ সন্মুখৰ টিকৰাই চাপৰিলৈ পূৰ্বে প্ৰায় পাঁচ কিলোমিটাৰ নদীপথ নাৱৰে অতিক্ৰম কৰিব লাগিছিল যদিও এইবাৰ এই পথছোৱাত বালিচৰৰ বাবে জনতাই মটৰ চাইকেল বা খোজকাঢ়িয়ে এইসমূহ সুঁতি অতিক্ৰম কৰিব পাৰিছে।

ইফালে,নিয়মীয়া জাহাজ চলাচলৰ সময়তো আগতীয়াকৈ দ’ স্থান চিনাক্ত কৰিহে যাত্রীবাহী জাহাজ চলাচল কৰিছে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত নিম্নগামী হোৱা বাবে চুবুৰীয়া ৰাষ্ট্র চীন আৰু ভূটানৰ নদীবান্ধৰ লগতে বহুদিন ধৰি বৰষুণ নোহোৱাটোও এক অন্যতম কাৰণ বুলি চিহ্নিত কৰিছে বিশেষজ্ঞ মহলে।

ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ ওপৰত বিশদ অধ্যয়ন তথা গৱেষণা কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়ে এই প্ৰসংগত ‘দৈনিক অগ্ৰদূত’ৰে এক আছুতীয়া সাক্ষাতত কয় যে ব্ৰহ্মপুত্ৰ নৈখনৰ মুঠ দৈৰ্ঘ্য ৩,০০০ কিলোমিটাৰ আৰু ইয়াৰে ভিতৰত অধিকাংশ অর্থাৎ ১,৬০০ কিলোমিটাৰ অংশ চীনৰ অধীনত তিব্বতত সম্প্ৰসাৰিত হৈ আহিছে।

নিশ্চিতভাৱে চীনে ব্ৰহ্মপুত্ৰৰ জলৰাশি ব্যৱহাৰ কৰিবই বুলি মন্তব্য কৰি ড° ভাগৱতীয়ে কয় যে খৰালি কালত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী হোৱাৰ মূলতে চৰকাৰ তথা বিভিন্ন পক্ষই চীনক জগৰীয়া কৰিছে যদিও ইয়াৰ আন এক অন্যতম কাৰণ হ’ল বৃষ্টিহীনতা আৰু জনবসতি সম্প্ৰসাৰণ তথা নির্মাণকার্য বৃদ্ধি পোৱাটো।

তেওঁ কয় যে বিগত দুই-তিনিমাহ ধৰি অসমত বৰষুণ প্রায় নাই। এক কথাত খৰাংসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যখনত। যিহেতু দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱত এইবাৰ অসমত নিয়মীয়া সময় জুনতকৈ বহু পূর্বেই বৰষুণ পৰিছিল তথা এনে বৰষুণৰ ফলত বানপানীও হৈছিল, সেই সূত্ৰে পৰৱৰ্তী সময়ছোৱাত বৰষুণৰ পৰিমাণ কমি আহে।

ইয়াৰ বাবে ব্ৰহ্মপুত্ৰৰ বক্ষত জলধাৰা নিম্নগামী হৈছে। সমান্তৰালকৈ চীনৰ কূটকৌশল প্ৰসংগত তেওঁ কয় যে চীনৰ এক বৃহৎ অঞ্চল মৰু সদৃশ। গতিকে তেনে অঞ্চললৈ চীনে ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

আকৌ চীনৰ ভূমিতেই আছে ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ নদীবান্ধ। খৰালি কালত যিহেতু ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰাও জলধাৰাৰ গতি কিছু স্তিমিত হয় আৰু তেনে সময়তে জলবিদ্যুৎ প্রকল্পসমূহত ব্ৰহ্মপুত্ৰৰ বুকুত ভেটা দিয়া হয়, তেনে স্থলত নামনি অঞ্চললৈ ব্ৰহ্মপুত্ৰ পানীৰ সোঁত কিছু স্তিমিত হোৱাটো নিশ্চিত।

তেওঁ কয় যে চুবুৰীয়া ৰাষ্ট্ৰখনত নদীৰ উৎসতে বান্ধ দি পানী আবদ্ধ কৰাৰ দৰে ঘটনাৰ ফলশ্ৰুতিত খৰালি কালত বৰষুণৰ পানী নামনিলৈ বৈ অহাৰ গতি স্তব্ধ হোৱাৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলত বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ বাবেও ব্ৰহ্মপুত্ৰৰ বুকুত পানী নিম্নগামী হয়।

এই প্ৰসংগতো তেওঁ পুনৰ কয় যে ১৯৫১ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলসমূহত নগৰৰ সংখ্যা আছিল মাথো পাঁচখন; কিন্তু এতিয়া নগৰৰ সংখ্যা বৃদ্ধি পাইছে প্রায় ১৫০ খনলৈ।

স্বাভাৱিকতে এনে নগৰসমূহত দৈনিক ব্যৱহৃত পানী তথা বৰষুণ হ্রাস হোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত জলস্তৰ নিম্নগামী হৈছে।সমান্তৰালকৈ ব্ৰহ্মপুত্ৰ তথা উপনৈসমূহত গঢ়ি তোলা দৈয়াং, কপিলী, ৰঙানদী আদি নদীবান্ধসমূহৰ বাবেও ব্ৰহ্মপুত্ৰৰ বুকুত পানীৰ পৰিমাণ নিম্নগামী হৈছে।

এই প্ৰসংগতে তেওঁ কয় যে বাৰিষা কালত হিমালয়ৰ পাদদেশীয় অঞ্চলত তাপমাত্রা বৃদ্ধিৰ সূত্ৰে বৰফ গলে যদিও সম্প্ৰতি খৰালি কালত ঠাণ্ডা পৰাৰ বাবে বৰফ গলাৰ পৰিমাণ প্রায় নিম্নগামী হয়। যাৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত তুলনামূলকভাৱে পানীৰ পৰিমাণ খৰালি কালত কিছু নিম্নগামী হয়।

তেওঁ এই কথাও কয় যে উত্তৰ-পূৰ্বাঞ্চলত পূৰ্বৰ তুলনাত অৰণ্যৰ সেউজ আবৰণ কমি অহাৰ ফলত মাটিৰ শুষ্কতা বৃদ্ধি পাইছে। এনে স্থলত মাজে সময়ে বৰষুণ পৰিলেও মাটিয়ে শুহি লয় বৰষুণৰ পানী। গতিকে পূৰ্বৰ দৰে নৈৰ বুকুত সংযুক্ত হ’ব নোৱাৰে বৰষুণৰ পানী।

স্বাভাৱিকতে ব্ৰহ্মপুত্ৰৰ বুকুত জলস্তৰ নিম্নগামী হোৱাৰ এয়াও এক অন্যতম কাৰণ বুলি তেওঁ অভিহিত কৰে। উল্লেখ্য যে আন এখন চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো কে’বাটাও নদীবান্ধ স্থাপন হোৱাৰ ফলত বেকী বা মানাহ নদীৰে নামি অহা পানীৰ পৰিমাণ নিম্নগামী হৈছে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নৈ প্ৰকৃততে এটা বেচিন সদৃশ, য’ত সংলগ্ন হয় বিভিন্ন অৱবাহিকাবোৰ। এতিয়া বিভিন্ন কাৰকৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুলৈ নামি অহা অৱবাহিকাসমূহৰ প্ৰৱাহিত পানীৰ পৰিমাণ কমি গৈছে।

সামগ্ৰিকভাৱে ব্ৰহ্মপুত্ৰৰ জলৰাশি নিম্নগামী হোৱাৰ এয়াও এক কাৰণ বুলি বিশেষজ্ঞজনে মন্তব্য কৰে। উল্লেখ্য যে উজনিৰ পৰা নামনিলৈ ব্যাপক হাৰত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ মূলসুঁতিৰে প্ৰৱাহিত তুলনামূলকভাৱে কম পৰিমাণৰ পানীৰ পৰিৱৰ্তে অন্যান্য সুঁতিসমূহত পানীৰ পৰিমাণ সম্পূৰ্ণৰূপে কমি যোৱাত বালিময় হৈ পৰিছে সুঁতিসমূহ।

নামনি অসমৰ পৰা আৰম্ভ কৰি মধ্য-উজনি অসমলৈকে সৰ্বত্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া জলধাৰাৰ পৰিৱৰ্তে ৰূপোআলী ৰঙৰ বালিৰ মৰুভূমিহে দেখা গৈছে। স্বাভাৱিকতে ব্ৰহ্মপুত্ৰৰ বুকু শুকাবলৈ ধৰা এই অৱস্থাত এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক।

ব্ৰহ্মপুত্ৰৰ বুকুত নিয়মীয়াকৈ নৌকা চলাচল কৰি অথবা মৎস্য চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা লোকসকলেও এতিয়া চিন্তিত হৈ পৰিছে। উল্লেখ্য যে গুৱাহাটীৰ মাজেৰে পাৰ হৈ যোৱা ব্ৰহ্মপুত্ৰৰ বুকুতো মূলসুঁতিটোৰ বাদে আন সকলোতে এতিয়া কেৱল বালিময় মৰুভূমি সদৃশ পৰিৱেশ প্রতীয়মান হৈছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: brahmaputra riverNimati Ghat
publisher

publisher

Related Posts

Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !
International

Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !

February 3, 2023
Hath Se Hath Jodo :অসম প্ৰদেশ কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান সম্পন্ন উদাৰবন্দত
Assam

Hath Se Hath Jodo :অসম প্ৰদেশ কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান সম্পন্ন উদাৰবন্দত

February 3, 2023
Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !
India

Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !

February 3, 2023
Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে
Assam

Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

February 3, 2023
Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল
Assam

Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

February 3, 2023
G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক
Assam

G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

February 3, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: