Vladimir Putin : প্ৰকৃততে পুটিনৰ অসুখ কি ? পোহৰলৈ আহিল ৰুছ ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ নতুন তথ্য

Russian President Vladimir Putin

Vladimir Putin :

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ স্বাস্থ্যৰ সন্দৰ্ভত বহু বাতৰি বিগত প্রায় দুবছৰ ধৰি সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে।

শেহতীয়াভাৱে আকৌ এবাৰ পুটিনৰ স্বাস্থ্যৰ সন্দৰ্ভত নতুন বাতৰি প্ৰচাৰিত হৈছে। পুটিন পুনৰ গুৰুতৰভাৱে অসুস্থ হোৱা বুলি একাংশ আন্তর্জাতিক সংবাদ মাধ্যমে দাবী কৰিছে।

বিশেষকৈ ৰুছ ৰাষ্ট্ৰপতিয়ে শেহতীয়াভাৱে সংবাদমেল প্রত্যাহাৰ কৰাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। শাৰীৰিকভাৱে অসুস্থ হোৱা হেতুকে পুটিনে অলপতে এক গুৰুত্বপূৰ্ণ বিষয়ৰ সংবাদমেল প্রত্যাহাৰ কৰা বুলি বাতৰি প্ৰচাৰিত হৈছে।

পুটিনে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা ‘ডাইৰেক্ট লাইন’ কাৰ্যসূচীও এইবাৰ প্ৰত্যাহাৰ কৰিলে। এই কাৰ্যসূচীৰ জৰিয়তে ৰুছ নাগৰিকে পুটিনক প্রত্যক্ষভাবে প্রশ্নপত্রে কৰাৰ সুযোগ লাভ কৰিছিল।

একেদৰে ২০১১ বৰ্ষৰ পৰা পুটিনে আইচ হকী খেলি আহিছে যদিও এইবাৰ তেওঁ এই খেলত অংশ নল’লে। আন্তর্জাতিক সংবাদ মাধ্যমৰ দাবী অনুসৰি, শাৰীৰিকভাৱে সুস্থ নোহোৱা হেতুকে পুটিনে এইদৰে বিভিন্ন কার্যসূচী বাতিল কৰিলে।

একাংশ পশ্চিমীয়া সংবাদ মাধ্যমৰ দাবী অনুসৰি পুটিন কৰ্কট ৰোগত আক্ৰান্ত হৈছে। ক’ল’ন কৰ্কটত আক্ৰান্ত হোৱা পুটিনৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটা বুলিও পশ্চিমৰ সংবাদ মাধ্যমে শেহতীয়াভাৱে দাবী কৰিছে।

অৱশ্যে এতিয়াও ৰাছিয়াৰ সংবাদ মাধ্যমে পুটিনৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো তথ্য প্রকাশ কৰা নাই।

Exit mobile version