Rani Firing : মহানগৰীৰ পাশ্বৰ্ৱতী ৰাণীত অঘটন !

কন্যাক বিদ্যালয়ৰ পৰা আনিবলৈ যোৱা পথত গুলীবৃদ্ধ এজন

91c7c981 a8e8 4008 8b29 e3dab7e39e09

Rani Firing :

মহানগৰীৰ পাশ্বৰ্ৱতী ৰাণীত অঘটন ৷ কন্যাক বিদ্যালয়ৰ পৰা আনিবলৈ যোৱা পথত সংঘটিত হয় গুলীচালনা ঘটনা ৷

গুলীবৃদ্ধ হোৱা লোকজনৰ নাম মিলন দাস ৷ গুৰুত্বৰভাৱে আহত মিলন দাসক ততাতৈয়াকৈ স্থানীয়লোকে ভৰ্তি কৰে ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰত ৷

সন্দেহ কৰা মতে ৰাণীৰ ফায়াৰিং ৰেঞ্জত গুলীচালনাৰ প্ৰশিক্ষণ দি থকা অৱস্থাত আকস্মিকভাৱে গুলী লাগে মিলন দাসক ৷

তথ্য অনুসৰি ইতিমধ্যে ঘটনাস্থলীত ৰাণী আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আহত মিলন দাসৰ চিকিৎসাৰ তদাৰক কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান সংকটমুক্ত অৱস্থাত মিলন দাস ।

Exit mobile version