Mobile Users In India : দেশত হ্ৰাস পাইছে ম’বাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা

images 19

Mobile Users In India :

ভাৰতত হঠাতে ম’বাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে। বিগত দুমাহত দেশত ৫৪.৭৭ লাখ লোকে ম’বাইল ফোন ব্যৱহাৰ ত্যাগ কৰিলে।

টেলিক’ম ৰেগুলেটী অথ’ৰিটি অৱ ইণ্ডিয়া (ট্ৰাই)ৰ তথ্য অনুসৰি, অক্টোবৰ ২০২২ত ভাৰতত ম’বাইল ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ১১৪.৩৬ কোটি।

কিন্তু ইয়াৰ দুমাহ পূৰ্বে আগষ্টত দেশত ১১৪.৯১ কোটি লোকে ম’বাইল ফোন ব্যৱহাৰ কৰিছিল। ছেপ্টেম্বৰত ম’বাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা ৩৬.৬৪ লাখ হ্ৰাসৰে ১১৪.৫৪ কোটি হৈছিল৷

আনহাতে, অক্টোবৰত পুনৰ ১৮.১৩ লাখ ম’বাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা হ্রাস পালে। অক্টোবৰত জিঅ’ৰ ১৪.১৪ লাখ আৰু ভাৰতী এয়াৰটেলৰ ৮.৫ লাখ নতুন গ্রাহক সংযোজিত হ’ল।

আনহাতে, ভ’ডাফোন-আইডিয়াৰ ৩৫.০৯ লাখ গ্রাহকে অক্টোবৰত এই ম’বাইল সেৱা ত্যাগ কৰিলে।

Exit mobile version