Bizarre : দাড়িত শতাধিক অলংকাৰ লগাই বিশ্ব অভিলেখ গঢ়িলে এজন ব্যক্তিয়ে

idaho man beard baubles world record feat image

Bizarre :

অনেকেই বৰদিনত ঘৰ সজায় । কোনো কোনোৱে খ্ৰীষ্টমাছ ট্ৰি কিনি সজায় । কিন্তু নিজৰ দাড়ি সজায় বিশ্ব অভিলেখ গঢ়িলে এজন লোকে ।

এই অভিলেখ গঢ়িছে আমেৰিকাৰ বাসিন্দা জোৱেল ষ্ট্ৰাছাৰ নামৰ লোকজনে । যিয়ে ঘৰ সজোৱা সামগ্ৰীৰ নিজৰ দাড়ি সজাইছে । তেওঁ তেওঁৰ দাড়িত ইমান সজোৱা সামগ্ৰী লগাইছে যে বিশ্ব অভিলেখ গঢ়ি পেলাইছে ।

সম্প্রতি নিজৰ দাড়িত ৭১০টা সৰু ৰঙীন বলৰ দৰে অলংকাৰ লগাইছিল জোৱেলে । ইয়াৰ দ্বাৰাই ৰচিছে নতুন বিশ্ব অভিলেখ ।

দাড়িত সৰ্বাধিক সংখ্যক অলংকাৰ পিন্ধাৰ । এই নতুন নজিৰ গঢ়ি নিজৰ অভিলেখ নিজেই ভাঙিলে জোৱেলে । ইয়াৰ পূৰ্বে ২০১৯ত ৩০২টা, ২০২০ত ৫৪২টা আৰু ২০২১ত ৬৮৬টা অলংকাৰ পৰিধান কৰিছিল তেওঁ ।

নতুন নজিৰ গঢ়ি উৎফুল্লিত জোৱেল । এক সংবাদ সংস্থাক তেওঁ জনাইছে এয়ে, প্রথম দাড়িত ইচ্ছা মতে অলংকাৰ লগাইছে তেওঁ । এক বিশেষ কৌশলেৰে সেইবোৰ দাড়িত লগাইছে । ফলচ সৰহ সংখ্যক অলংকাৰ লগোৱা সম্ভৱ হয় ।

৭১০টা গোলকৰ দৰে ওজন আছিল প্রায় ২.২৬ কিলোগ্রাম । প্রতিটো গোলক পৃথক পৃথক ক্লিপৰে লগাব কৰিবলগীয়া হয় । ইমানবোৰ অলংকাৰ পৰাও যথেষ্ট শ্রমসাধ্য কাৰ্য, দাবী জোৱেলৰ ।

কেৱল বৰদিনৰ ঘৰ সজোৱা সামগ্ৰীয়ে নহয়, দাড়িত আৰু বিভিন্ন ধৰণৰ সামগ্ৰী লগোৱাৰ নজিৰো আছে তেওঁৰ । ইয়াৰ পূৰ্বে ষ্ট্ৰ, দাঁত খোঁচা কাঠি বা চপষ্টিক দাড়িত গুজিও শিৰোনামত আহিছিল তেওঁ ।

Exit mobile version