Corona Test : পুনৰ কৰ’নাৰ আতংক ,বিমানবন্দৰত আৰম্ভ হৈছে ক’ভিড টেষ্ট

1671636129 কতগত্জগদ্

Corona Test :

চীনত কৰ’নাৰ আতংক । দেশখনত চীনৰ কৰ’নাৰ নতুন উপৰূপ ধৰা পৰাৰ পাছত তৎপৰতা আৰম্ভ হৈ গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰৰ পৰা ভাৰতৰ প্ৰতিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ’না পৰীক্ষা আৰম্ভ হৈছে ।

বিদেশৰ পৰা অহা বিমানৰ ক্ষেত্ৰত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। চৰকাৰে বিমানবন্দৰসমূহক বিভিন্ন নিষেধাজ্ঞা পালন কৰিবলৈ নিৰ্দেশ দিছে।

বুধবাৰে দেশৰ কৰ’না পৰিস্থিতিৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ।চৰকাৰী সূত্ৰ অনুসৰি, বৈঠকত আলোচনা হয় ।

দেশৰ কৰ’না পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। নতুনকৈ কৰ’না ৰোগীৰ সংখ্যা ইমান বৃদ্ধি হোৱা নাই। তাৰ পাছতো, বিশ্বব্যাপী কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈঠকত পৃথকে সতৰ্ক হোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

প্ৰসঙ্গত, চীনত কৰ’নাৰ পৰিস্থিতি পুনৰ ভয়াৱহ ৰূপ লৈছে । কৰ’নাৰ নিষেধাজ্ঞাসমূহ শিথিল হোৱাৰ লগে লগেই দেশখনত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে।

চিকিৎসালয়ত ৰোগীসকলৰ বাবে বিচনাৰ অভাৱ। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বিভিন্ন ভিডিঅ’ত কৰ’না ৰোগীসকলক এখন চিকিৎসালয়ৰ মজিয়াত পৰি থকা দেখা যায়।

এই সন্দৰ্ভত, বুধবাৰে ভাৰতত অ’মিক্ৰন বিএফ.৭ ৰ চাৰিজনৰ সন্ধান পোৱা গৈছে । কৰ’নাৰ এই নতুন প্ৰকাৰে আতংকিত কৰিছে চীনক।

চীনত বেছিভাগ কৰ’না আক্ৰান্তৰ শৰীৰত এই উপৰূপ পোৱা গৈছে । এই পৰিস্থিতিত, পৃথকে সতৰ্ক হৈছে ভাৰত ।

Exit mobile version