Splitting Killer Charles Sobhraj : শীৰ্ঘেই কাৰাগাৰৰ পৰা মুক্তি পাব ‘বিকিনি কিলাৰ’ চাৰ্লছ শোভৰাজ !

FILES NEPAL CRIME HOMICIDE 0 1671630513287 1671630513287 1671630587147 1671630587147

Splitting Killer Charles Sobhraj :

সত্তৰ আৰু আশী দশকত থাইলেণ্ড সহ দক্ষিণ পূৰ্ব এছিয়াৰ দেশসমূহত মহিলা পৰ্যটকৰ বাবে সন্ত্ৰাসৰ অন্যতম কাৰক হৈ পৰা ‘বিকিনি কিলাৰ’ৰূপে খ্যাত চাৰ্লছ শোভাৰাজ শীৰ্ঘেই ওলাই আহিব মুকলি আকাশৰ তললৈ ৷

সুদীৰ্ঘ ১৯ বছৰ নেপালৰ কাৰাগাৰত বন্দীত্ব জীৱন কটোৱা ফৰাচী অপৰাধী জনক বুধবাৰে মুকলি কৰাৰ নিৰ্দেশ দিয়ে নেপালৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷

উল্লেখ্য যে থাইলেণ্ডকে ধৰি বিভিন্ন দেশৰ মহিলা পৰ্যটক সকলক শোভৰাজে ড্ৰাগছ সেৱন কৰাই হত্যা কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷তেওঁ হত্যা কৰাৰ অধিকাংশ যুৱতীয়ে বিকিনি পিন্ধা অৱস্থাত আছিল ৷ যাৰবাবে তেওঁক ‘The Splitting Killer’ হিচাপে পৰিচিত হৈ পৰিছিল ৷

প্ৰতিটো হত্যাকাণ্ড অতি পৰিকল্পিতভাৱে সংঘটিত কৰি আৰক্ষীৰ চকুত ধূলি দি উধাও হয় ৷ ৭০-৮০ দশকত থাইলেণ্ড সহ দক্ষিণ পূৰ্ব দেশ সমূহৰ বাবে মুৰৰ কামোৰণি হৈ পৰা শোভৰাজক কৰায়ত্ত কৰিবলৈ নানান সুপৰিকল্পিত বেহু ৰচনা আৰক্ষীয়ে কৰে যদিও সকলো বেহু ভেদিয়ে আত্মগোপন কৰিছিল ৷

আনকি তেওঁক লৈ ৰচনা হয় বহু মেগাজিন আৰু ধাৰাবাহিক৷ ছিৰিয়েল কিলাৰ ৰূপে খ্যাত শোভাৰাজ দীৰ্ঘসময় বন্দী হৈ আছিল ভাৰতৰ তিহাৰ জেলত ৷ যুৱতীক আকৰ্ষিত কৰিবলৈ সদায়ে নিজকে ধুনীয়া কৰি ৰাখিছিল ৷

বহু ভাষাত কথা কব পৰা শোভৰাজৰ আছিল এক সুকীয়া ব্যক্তিত্ব। বিশ্ব অপৰাধ জগতৰ এক পৰিচিত নাম হৈ পৰা শোভৰাজ বিভিন্ন দেশৰ জেলৰ পৰা অতি কৌশলৰে পলায়ন কৰাৰ লগতে ১৯৮৬ চনত তিহাৰ জেলৰ পৰাও পলায়ন কৰিছিল যদিও কিছুদিনৰ পাছতে গোৱাৰ এখন বিলাসী ৰেষ্টুৰেণ্টৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰিছিল ৷

বহুবছৰ ভাৰতৰ কে’বাখনো জেলত বন্দীত্ব জীৱন কটোৱাৰ পাছত মুক্তি পায় ৷ কিন্ত শোভৰাজে নিজৰ অপৰাধমূলক কাৰ্যকলাপৰ গ্ৰাৰ্ফডাল উৰ্ধগামী কৰিবলৈ পুনৰ সোমাই পৰে অপৰাধ জগতত ৷ এনেবোৰ কাৰ্য্যকলাপ অব্যাহত ৰখাৰ মাজতে ২০০৩ ত নেপাল আৰক্ষীৰ জালত পৰি সুদীৰ্ঘ ১৯ বছৰ নেপালৰ কাৰাগাৰত বন্দীত্ব জীৱন কটায় শোভৰাজ৷

Exit mobile version