Youtube : ভুৱা সংবাদ পৰিবেশনৰ অভিযোগত নিষিদ্ধ একাধিক ইউটিউব চেনেল

images 20

Youtube :

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্রণালয়ে ভুৱা সংবাদ পৰিবেশনৰ অভিযোগত পুনৰ তিনিটা ইউটিউব চেনেল দেশত নিষিদ্ধ কৰিলে৷

ADVERTISEMENT

মন্ত্রণালয়ৰ ‘ফেক্ট চেক’ গোটে ভুৱা খবৰ প্ৰচাৰ কৰা তিনিটা ইউটিউব চেনেলক চিনাক্ত কৰাৰ পাছত চৰকাৰে এই তিনিটা ইউটিউব চেনেল নিষিদ্ধ ঘোষণা কৰিলে।

ভাৰতৰ উচ্চতম ন্যায়ালয়, দেশৰ মুখ্য ন্যায়াধীশ আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত ভুৱা বাতৰি আৰু ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত পি আই বিয়ে চেনেলকেইটাক নিষিদ্ধ কৰিলে।

এই ইউটিউব চেনেল তিনিটাৰ প্ৰায় ৩৩ লাখ ছাবস্ক্রাইবাৰ আছে। এই চেনেলত একাংশ ভিডিঅ’ ৩০০ নিযুততকৈও অধিক সংখ্যক লোকে দৰ্শন কৰিছিল । নিষিদ্ধ হোৱা ইউটিউব চেনেল ‘নিউজ হেডলাইনছ’ৰ প্ৰায় একনিযুত ছাবস্ক্রাইবাৰ আছিল।

Exit mobile version