COVID-19 India : সন্ধান পোৱা গৈছে কৰ’নাৰ নতুন উপৰূপৰ

গুজৰাটত ক'ভিড আক্রান্ত চীনৰ পৰা উভতা দুজন

Amid a surge in Covid cases in several countries I 1671742260329

COVID-19 India :

উদ্বেগ বৃদ্ধি কৰিছে কৰ’নাৰ নতুন উপৰূপ ‘বিএফ.৭’এ । ভাৰততো এই উপৰূপৰ সন্ধান পোৱা গৈছে ।

এই পর্যন্ত চাৰিজন ক’ভিডৰ নতুন উপৰূপত সংক্রমিত হৈছে । যাৰ ভিতৰত দুজনেই গুজৰাটৰ বাসিন্দা ।

এনে পৰিস্থিতিত চীন, অষ্ট্ৰেলিয়াৰ পৰা অহা তিনিজন কৰ’নাত আক্রান্ত হৈছে । ফলত পুনৰ উদ্বেগ বৃদ্ধি হৈছে সেই ৰাজ্যত ।

গুজৰাটৰ ভাৱনগৰৰ এজন বাসিন্দা সম্প্রতি চীনৰ পৰা উভতিছে । লোকজন কৰ’নাত সংক্রমিত হৈছে । তেওঁৰ দুই বছৰীয়া কন্যা শিশুও আক্রান্ত ।

যোৱা ২০ ডিচেম্বৰত তেওঁলোক চীনৰ পৰা উভতিছে । তেওঁৰ পত্নীৰ ৰিপ’র্ট নেগেটিভ আহিছে । সংশ্লিষ্ট লোকজনক আৰু তেওঁৰ কন্যা শিশু ঘৰতে নিভৃতবাসত ৰখা হৈছে ।

অষ্ট্ৰেলিয়াৰ পৰা উভতা টাইৱানৰ এগৰাকী মহিলাও সংক্রমিত হৈছে । সম্প্রতি মহিলাগৰাকী তেওঁৰ প্রেমিকৰ স’তে ৰাজকোটত উভতি আহিছে ।

ৰাজকোট পৌৰসভা সূত্রে খবৰ, কর্মসূত্রে অষ্ট্ৰেলিয়াত থাকে ২৭ বছৰীয়া টাইৱানৰ যুৱতী আৰু তেওঁৰ প্রেমিক ।

যোৱা ১৮ ডিচেম্বৰত তেওঁলোকে আহমেদাবাদ বিমানবন্দৰত অৱতৰণ কৰে । পাছত বিবাহসূত্ৰে তেওঁলোকে ৰাজকোটলৈ যায় । তেওঁৰ প্রেমিকৰ ঘৰ ৰাজকোটত ।

সংশ্লিষ্ট মহিলাগৰাকীৰ মৃদু উপসর্গ আছে । যোৱা ২০ ডিচেম্বৰত তেওঁৰ নমুনা সংগ্রহ কৰা হয় । পাছ দিনা তেওঁৰ পৰীক্ষাৰ ৰিপ’র্ট পজিটিভ আহে ।

ঘৰতে নিভৃতবাসত ৰখা হৈছে তেওঁক । বর্তমান তেওঁৰ অৱস্থা স্থিতিশীল । এষ্ট্ৰাজেনেকাৰ তিনিটা টিকাই লৈছে মহিলাগৰাকীয়ে । যদিও পৰিয়ালৰ সকলোৰে ৰিপ’র্ট নেগেটিভ আহিছে ।

আক্রান্তসকলৰ নমুনা জিন’ম ছিকোৱেন্সৰ বাবে গান্ধীনগৰত ভাইৰ’লজি পৰীক্ষাগাৰত প্ৰেৰণ কৰা হৈছে ।

Exit mobile version