Horoscope:ৰাশিফল

WhatsApp Image 2022 12 24 at 10.40.09

Horoscope:

মেঘ: উন্নত পৰিবেশ৷ মানসিক দিশতো অনুকুল দেখা যায়৷সা-সম্পত্তিৰ ক্ষেত্ৰত কিবা বাধা আছে যদি হ্ৰাস হোৱাৰ সম্ভাৱনা ৷ কোনো সম্পদ বা সন্মানৰ গৰাকী হ’ব পাৰে ৷

বৃষ: প্ৰতিকুল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক ৷জ্ঞাতি -কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক মাত্ৰ ৷ শৰীৰ মধ্যম ৷বিদ্যাত যত্ন ৰাখক ৷

মিথুন :আজিও খুব উন্নত ফল নাপাব ৷ বিশেষকৈ দিনা ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব ৷ বাধ্যবাধকতা হ’লেই ভাবি চিন্তি নিজৰ কাম কৰক ৷ব্যৱসায়ত শুভ ৷

কৰ্কট:এলাহ বৃদ্ধি পালেও স্বকৰ্মত ব্যস্ততা নকমিব ৷পাৰিবাৰিক উন্নত ৷ প্ৰাপ্য ধন হাতলৈ অনাৰ যোগ ৷ বন্ধু বৰ্গৰ সহায় সহযোগ দেখা যায় ৷ পঢ়াশুনাত মধ্যম ৷ দাম্পত্যত শুভ ৷

সিংহ: বাধা বিঘিণি কিছু হ্ৰাস হ’ব পাৰে দুপৰীয়াৰ পৰা ৷ বাকী সময়ত সাৱধানেৰে থকাটো ভাল ,বিশেষকৈ প্ৰৱঞ্চনাৰ পৰা ব্যৱসায় বাণিজ্যিত মজলীয়া ফল ৷ প্ৰেমত গতানুগতিক ৷

কন্যা : শৰীৰ আৰু পাৰিপাৰ্শ্বিক প্ৰায় অনুকুল ৷ আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব ৷য’তে -ত’তে একো মন্তব্য নকৰিব ৷ সমগ্ৰ দিনটো আপোনাৰ উৎসাহজনক ৷

তুলা : আৰ্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই ৷ এই ক্ষেত্ৰত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি আশাম্বিত হ’ব ৷ বুদ্ধিত উজতি খাব পাৰে বাবে খাব পাৰে সাৱধান হওক ৷ ঘৰুৱা ভালেই ৷ শিল্পীৰ উৎসাহ ৷

বৃশ্চিক : খৰচ পাতি নকৰো বুলি থাকিলেও খৰচৰ পথ ওলাব ৷ অনান্য কিছুৱে সামাজিক,ৰাজনৈতিক দিশত নিজৰ মতৰ সমৰ্থন পাব ৷ পঢ়াত মন ৰাখক ৷দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে ৷

ধনু : ক্ৰমে দিনটো কিছু আশাপদ ৷অৱশ্যে নিশ্চিতও নহয় ৷ খুব ফৰকাল লাগি নাথাকিব ৷ বিদ্যাত মনোযোগ বঢ়াওক ৷ জ্ঞাতি- কুটুম্বৰ মাংগলিক কাৰ্য আদিত যোগদান কৰাৰ সম্ভাৱনা ৷

মকৰ : কৰ্মক্ষেত্ৰত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব ৷ সৰু- সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্ৰভাৱ পেলাব পাৰে ৷দাম্পত্যত মধ্যম সময় ৷

কুম্ভ : অস্থিৰ চিন্তা সম্পূৰ্ণ বৰ্জনীয় ৷শৰীৰ, মন আৰু পৰিবেশ দিনৰ ১২ বজালৈ আশাপূৰ্ণ নহ’ব পাৰে ৷ কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পাছত অনুকুল ৷ প্ৰেমত মধ্যম ৷

মীন : অনুকুল পৰিবেশ৷বন্ধু- বান্ধৱৰ পৰা সহানুভূতি পাব ৷ নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব। সু- সংবাদত আনন্দিত হ’ব পাৰে ৷ দাম্পত্যত বেয়া নহ’ব ৷

Exit mobile version