Covid-19 : চীনৰ পৰা উভতি আহিয়ে ক’ভিডত আক্ৰান্ত আগ্ৰাৰৰ যুৱক, ছীল কৰি দিয়া হ’ল ঘৰ

Covid test China 800x450 1

Covid-19 :

কৰ’নাৰ নতুন উপৰূপ ‘বিএফ.৭-‘ৰ প্ৰভাৱত চীনত সংক্ৰমণ দ্ৰুতগতিত বিয়পিছে । সেই চীনৰ পৰা শেহতীয়াকৈ ভাৰতলৈ উভতি আহি ক’ভিডত সংক্ৰমিত হ’ল এজন যুৱক।

দেওবাৰে, আগ্ৰাৰ যুৱকজনৰ কৰ’না পৰীক্ষাৰ ফলাফল ইতিবাচক আহিছে । বৰ্তমান তেওঁ নিভৃতবাস ত আছে।

বিগত ২৩ ডিচেম্বৰত চীনৰ পৰা আগ্ৰালৈ উভতি আহে তাজনাগৰী অঞ্চলৰ এই বাসিন্দা। তেওঁ এটা ব্যক্তিগত পৰীক্ষাগাৰত কৰ’না পৰীক্ষা সম্পন্ন কৰিছিল।

দেওবাৰে ৰিপোৰ্ট পজিটিভ আহে । যুৱকজনৰ ঘৰটো ছীল কৰি দিয়া হৈছে। যিসকল যুৱকৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক চিনাক্ত কৰা হৈছে।

চীনত নতুন সংক্ৰমণ বৃদ্ধি হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এক সাৱধানতামূলক পদক্ষেপ লৈছে। কৰ’না পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰিও, আক্ৰান্তসকলৰ নমুনাৰ জিনম চিকুয়েন্স কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক মাস্ক পিন্ধিবলৈ পৰামৰ্শ দিয়ে। অৱশ্যে, দেশত এতিয়াও মাস্ক বাধ্যতামূলক কৰা হোৱা নাই। যদিও, পঞ্জাৱত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে।

Exit mobile version