Maharashtra : পাত্ৰীৰ দাবীত ঘোঁৰাত উঠি সমদল ৫০ জন ‘দৰা’ৰ

মহাৰাষ্ট্ৰত বর্ধিত লিংগ বৈষম্যৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ

rayan 221222 Mum1

Maharashtra :

কইনা লাগে, কইনা। এই শ’গান দিয়েই সম্পূৰ্ণ দৰাৰ সাজত ঘোঁৰাত উঠি জিলা শাসকৰ ওচৰলৈ গ’ল মহাৰাষ্ট্ৰৰ ৫০জন অবিবাহিত যুৱক।

বৃহস্পতিবাৰে এই সমদলে মহাৰাষ্ট্ৰৰ ছোলাপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে। এদল যুৱকে মূৰৰ পাগুৰিসহ দৰাৰ সাজ পৰিধান কৰি ঘোঁৰাত উঠি সমদল কৰি অহা দৃশ্যই বহুতকে আচৰিত কৰি তোলে৷

সমদলৰ আগত আছিল এখন ডাঙৰ বেনাৰ। তাত লিখা আছিল ‘বৰযাত্ৰী মৰ্চা’ অৱশ্যে পাছত গম পোৱা গ’ল যে এই সকলোবোৰেই আছিল এক প্রতীকী প্রতিবাদ।

আচলতে মহাৰাষ্ট্ৰত সম্প্রতি নাৰী-পুৰুষৰ লিংগ অনুপাতৰ ব্যৱধান ক্ৰমাৎ বৃদ্ধি পাইছে ।বিক্ষোভকাৰীসকলে অভিযোগ কৰে যে এনে লিংগ বৈষম্য অব্যাহত থাকিলে পাছত অবিবাহিত পুৰুষে বিয়া কৰাবলৈ ছোৱালীয়ে নোপোৱা হ’বগৈ।

সেই বিষয়টোৰ প্ৰতি চিন্তিত হৈয়ে তেওঁলোকে প্ৰশাসনৰ দৃষ্টি আকর্ষণ কৰিবলৈ এই অভিনৱ পদ্ধতি বাছি লোৱা বুলি সদৰী কৰে। ৰাষ্ট্ৰীয় দাবী কৰে পৰিয়াল স্বাস্থ্য সমীক্ষাৰ প্ৰতিবেদন অনুসৰি, ২০১৯ৰ পৰা ২০২১ৰ ভিতৰত মহাৰাষ্ট্ৰত প্ৰতি এহেজাৰ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা ৯২০ গৰাকী।

বিক্ষোভকাৰীসকলে যে শিশুৰ জন্মৰ পূৰ্বে লিংগ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা আইনৰ জৰিয়তে নিষিদ্ধ কৰিব লাগিব। আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰো দাবী তোলে তেওঁলোকে। অৱশ্যে এই সন্দৰ্ভত জিলা প্ৰশাসনৰ তৰফৰ পৰা এই পর্যন্ত কোনো প্রতিক্রিয়া ব্যক্ত কৰা নাই।

Exit mobile version