Nepal Prime Minister : নেপালৰ নতুন প্রধানমন্ত্রী মাওবাদী নেতা প্রচণ্ড

চুক্তি ওলিৰ স'তে, ভাগ কৰা হ'ব পদ

8b960af6d5e0746a50a073bb20666e3a1671975287978614 original

Nepal Prime Minister :

প্রধানমন্ত্রী শ্বেৰ বাহাদুৰে আজি পুৱা নাটকীয়ভাৱে দেউবাৰ নেতৃত্বাধীন জোঁট ত্যাগ কৰে ।

দুপৰীয়া বিৰোধী চিপিএন-ইউএমএল-সহ সৰু দলসমূহে সমর্থনৰ হাত আগবঢ়ায় । তেওঁলোকৰ সমর্থনত নেপালৰ পৰৱর্তী প্রধনামন্ত্রী হয় চিপিএন-মাওয়িষ্ট চেন্টাৰ নেতা পুষ্পকুমাৰ দাহাল ওৰফে ‘প্রচণ্ড’ ।

প্রাক্তন প্রধানমন্ত্রী কেপি শর্মা অ’লিৰ দলৰ স’তে চুক্তি হৈছে প্রচণ্ডৰ দলৰ । দুই দলৰ সিদ্ধান্ত মৰ্মেই প্রধানমন্ত্রী নিৰ্বাচিত হ’ব ।

প্রচণ্ডৰ দাবী মানি তেওঁক প্রথম প্রধানমন্ত্রী নিৰ্বাচিত কৰাৰ বিষয়ত সমৰ্থন জনাইছে অ’লিয়ে । সেয়ে এতিয়া প্রচণ্ডই হৈছে নেপালৰ নতুন প্রধানমন্ত্রী । পাছৰ পৰ্যায়ত প্রধানমন্ত্রী হ’ব অ’লি ।

দেওবাৰে পুৱাই নেপালী কংগ্রেছৰ নেতৃত্বাধীন পাঁচ দলৰ জোঁট ত্যাগ কৰে প্রচণ্ড‌গ । তেওঁক প্রথম পৰ্যায়ত প্রধানমন্ত্রীত্ব দিবলৈ প্ৰস্তুত নহয় প্রধানমন্ত্রী তথা নেপাল কংগ্রেছৰ প্রধান শ্বেৰ বাহাদুৰ দেউবাই ।

আনকি, প্রধানমন্ত্রীৰ লগতে ৰাষ্ট্ৰপতিৰ পদো নিজৰ দখলতে ৰাখিব বিচাৰিছে দেউবাই । চিপিএন-এমচিক সম্প্ৰতি অধ্যক্ষৰ পদেই দিব বিচাৰিছিল । কিন্তু প্রচণ্ড মান্তি নহয় । সেয়ে তেওঁ জোঁট ত্যাগ কৰে ।

ইয়াৰ পাছত দেওবাৰে অ’লিৰ বাছকোটৰ বাসভৱনত গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় প্রচণ্ডৰ নেতৃত্বাধীন চিপিএন-এমচি, ওলিৰ নেতৃত্বাধীন চিপিএন-ইউএমএল, ৰাষ্ট্রীয় স্বতন্ত্র পার্টি (আৰএছপি) আৰু অন্যান্য সৰু সৰু দল । লগতে সকলো দলৰ শীর্ষ নেতাসকলো আছিল ।

নিজৰ মাজত চুক্তি কৰি জোঁট চৰকাৰ গঠন কৰাৰ বিষয়ত সহমত হৈছে দলসমূহ । চিপিএন-এমচি নেতা দেৱ গুৰুংগ‌ই জনায়, নেপালৰ সংবিধানৰ ৭৬ (২) ধাৰা মৰ্মে ১৬৫ জন আইনপ্রণেতাই চুক্তিত স্বাক্ষৰ কৰিছে । এই চুক্তি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব ।

নেপালত হাউছ অৱ ৰিপ্রেজেন্টেটিভছৰ সদস্য সংখ্যা ২৭৫ । তাত ১৬৫ জনৰ সমর্থন পাইছে নতুন জোঁট চৰকাৰে ।

ইয়াৰ ভিতৰত চিপিএন-ইউএমএলৰ ৭৮ জনৰ সমর্থন লাভ কৰিছে নতুন জোঁট চৰকাৰে । প্রচণ্ডৰ দল চিপিএন-এমচিৰ ৩২ জনৰ সমর্থন আছে । আৰএছপিৰ ২০ জন, আৰপিপিৰ ১৪ জন, জেএছপিৰ ১২ জন, জনমত দলৰ ছজন আৰু নাগৰিক উন্মুক্তি পার্টিৰ তিনিজনৰ সমর্থন আছে ।

চিপিএন-ইউএমএলৰ সাধাৰণ সম্পাদক শংকৰ পোখাৰেলে কয়, ‘‘সংখ্যাগৰিষ্ঠ দল হৈও নেপালী কংগ্রেছ চৰকাৰ গঠন কৰিব পৰা নাই । এতিয়া প্রচণ্ডৰ নেতৃত্বত চিপিএন-ইউএমএলৰ নতুন চৰকাৰ গঠন কৰিবলৈ উদ্যোগী হৈছে । ১৬৫ জন আইনপ্রণেতাই ইয়াত সমর্থন জনাইছে ।’’

প্রসংগত, নেপালৰ নিম্নকক্ষত সংখ্যাগৰিষ্ঠ দল হ’ল নেপালী কংগ্রেছ । তেওঁলোকৰ আসনৰ সংখ্যা ৮৯খন । চৰকাৰ গঠনৰ বাবে ১৩৮ জনৰ সমর্থন প্রয়োজন ।

ইফালে, নতুন জোঁট চৰকাৰৰ ১৬৫ জনৰ সমর্থন আছে । প্রধানমন্ত্রী হোৱাৰ পাছত ৩০ দিনৰ ভিতৰত আস্থাভোটত নিজৰ সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিব লাগিব প্রচণ্ড‌ই ।

Exit mobile version