Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 12 24 at 10.40.09

Horoscope :

মেষ: কৰ্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব। ভ্ৰমণৰ ফলত আনন্দ। নিৱনুৱা কৰ্মসংস্থানৰ কিছু আশা আছে। বিদ্যাত ভালেই দেখা যায়। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

বৃষ : কর্মক্ষেত্ৰত কোনো নভবা প্রসংগই আমনি দিব পাৰে। মানসিক দিশত জেদ আগ্রহ হ’ব। বিদ্যাত চেষ্টাৰ সুফল পাব। ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা। শুভ ৰং বগা। শুভ সংখ্যা ৪।

মিথুন : অস্থিৰতা পাৰিলে বৰ্জন কৰক। শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি। অৱশ্যে দুই-এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব। ঘৰুৱা চিন্তা থাকিব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।

কর্কট : কর্মক্ষেত্ৰত উৎসাহ লাভ। কোনো আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে। কর্মস্থানত যোগ্যতা থাকিব। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ’ব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৭।

সিংহ : উৎসাপূর্ণ সংবাদ। মুকলি পৰিৱেশ। ঘৰুৱাতো ভালেই। সন্তান সন্ততিৰ লগত মিলি ভাল পাব। কর্মস্থানত বাধা কম। আর্থিকত নতুন সুযোগ আশা। বন্ধুৰ পৰা সুখ। শুভ ৰং কমলা। শুভ সংখ্যা ৯।

কন্যা : মজলীয়া ফল। বাঞ্জিত কৰ্মত কিছু অগ্ৰগতি। ভাই-ভনীৰ বা মনত কষ্ট পোৱাৰ সম্ভাৱনা, বাকী বিষয়ত ভালেই। দূৰ ভ্ৰমণ ৰাখক। সুসংবাদ লাভ। শুভ ৰং ৰঙ। শুভ সংখ্যা ১।

তুলা : শাৰীৰিক কিছু উন্নত। যোগ্য ব্যক্তিৰ মান-সন্মান প্ৰাপ্তিৰ মৃদু আভাষ। ৰাজহুৱা কামতো তদ্রুপ। কর্মক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰাৰ চেষ্টা কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৭।

বৃশ্চিক : পঢ়াত মধ্যম ফল পাব। কর্মস্থানত ভালেই দেখা যায়। স্বজ্ঞানিক কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব। পাৰিবাৰিক সমস্যাত বিব্রত হ’ব পাৰে। আৰ্থিকত ব্যয়। শুভ ৰং গোলপীয়া। শুভ সংখ্যা ৮।

ধনু : ব্যৱহাৰিক ক্ষেত্ৰত আপোনাৰ দক্ষতা থাকিব। আত্মীয়ৰ বাবে কিছু দুৰ্ভাৱনা থাকিব। বাকী দিশ মোটামুটি ভালেই দেখা যায়। ব্যৱসায়ীৰ উন্নতিৰ আশা আছে। শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৩।

মকৰ : পূৰ্ব দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ। কোনো কৰ্মৰ ফল স্বৰূপ মনত শান্তি আহিব। মানসিক অযথা চিন্তাক নিয়ন্ত্ৰণ কৰক। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৫। সংস্কৃতি প্রেমীৰ অনুকূল।

কুম্ভ : বন্ধু-বৰ্গৰ উৎসাহ পাব। বুদ্ধিজীৱীৰ তথা বিদ্যাত বেয়া নহ’ব। কোনোৱে আকস্মিক চিন্তা পৰিব পাৰে। দাম্পত্যত
বুজা-পৰাৰ অভাৱ। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৭।

মীন: সন্তানৰ বাবে সুখ। ঘৰুৱা কাম-কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুকল আশা কৰিব পাৰে। ধন প্রাপ্তিৰ আশা। অযথা চিন্তা পৰিহাৰ কৰক। প্ৰেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।

Exit mobile version