North Indian Weather : দিল্লীত পাঁচ, পঞ্জাৱত সাত ডিগ্ৰী চেলচিয়াছ! তীব্ৰ শীতপ্ৰবাহত কঁপিছে উত্তৰ ভাৰত

1672033719 north india

North Indian Weather :

উত্তৰ ভাৰতত শীতৰ প্ৰকোপ । ইতিমধ্যে দিল্লীৰ তাপমাত্ৰা পাঁচ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে। দেওবাৰে দিল্লীত সৰ্বনিম্ন তাপমাত্ৰা আছিল ৫.৩ ডিগ্ৰী চেলচিয়াছ। কোনো কোনো অঞ্চলত তাপমাত্ৰা তিনি ডিগ্ৰীলৈ হ্ৰাস পায় ।

স্বাভাৱিকতকৈ যি ৪.৯ ডিগ্ৰী কম। বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাষ অহা কিছুদিনৰ ভিতৰত, ঘন কুঁৱলীয়ে আৱৰিব পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানসহ উত্তৰ ভাৰতৰ বিস্তীৰ্ণ অংশ ।

এই ৰাজ্যসমূহত বৰ্তমানৰ গড় তাপমাত্ৰা তিনি ৰ পৰা সাত ডিগ্ৰী চেলচিয়াছ। শীতৰ প্ৰকোপত পাটনাত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, উত্তৰ ভাৰতত এই মূহুৰ্তত তাপমাত্ৰাৰ বৃদ্ধিৰ সম্ভাৱনা নাই ।

ইয়াৰ পৰিৱৰ্তে, পৰৱৰ্তী কিছুদিনমানৰ ভিতৰত তাপমাত্ৰা আৰু হ্ৰাস হ’ব পাৰে। দিল্লী, চণ্ডিগড়, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ ৰাজস্থান, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত অহা ২৪ ঘণ্টাত তীব্ৰ শীতল প্ৰৱাহ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version