Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 12 24 at 10.40.09

Horoscope :

মেষ : আর্থিক উন্নতিত গুৰু স্থানীয় ব্যক্তিৰ সহায় পাব। কৰ্মস্থানত আৰ্থিক উন্নতিৰ আশা কৰিব পাৰে। চাকৰিয়ালসকলৰ শুভ। প্ৰেমত বিবাহৰ যোগ শুভ ৰং বগা। শুভ সংখ্যা ৮।

বৃষ : নতুন কোনো উদ্যোগ বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে। চাকৰিত পদ্দোন্নতিৰ সম্ভাৱনা। প্ৰেমত প্ৰতাৰিত হ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।

মিথুন : কর্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য দুশ্চিন্তা। প্ৰেমত সন্দেহৰ কাৰক। পাৰিবাৰিক দিশত অশান্তি। বিদ্যাত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

কর্কট : আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কৰ্মত সাফল্য আৰু মৰ্যাদা বৃদ্ধি পাব। প্রেমত উৎসাহ। শুভ ৰং নীলা। শুভ সংখ্যা ৯।

সিংহ : যৌথ ব্যৱসায়ত আর্থিক লেন-দেনৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। নতুন কর্মপ্ৰেৰণা পাব। স্বামী-স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে। প্ৰেমত আবেগ। শুভ ৰং পাতল হালধীয়া। শুভ সংখ্যা ৫।

কন্যা : ব্যৱসায়ত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা। কর্মক্ষেত্ৰত কিছু অগ্রগতি তথা পদোন্নতি। আকস্মিক দুর্যোগ দুৰ্ঘটনাৰ দ্বাৰা অমঙল সূচিত হ’ব। প্ৰেমত শুভ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৭।

তুলা : ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰত কিছু বাধা। কর্মত স্থায়ী সিদ্ধান্ত ল’ব পাৰিব। নিৱনুৱাৰ কৰ্ম লাভৰ যোগ। বিদ্যাত শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৯।

বৃশ্চিক : অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব। কর্মক্ষেত্ৰত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ। প্রেম-প্রণয়ত শুভ। বিদ্যাত জটিলতা। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৫।

ধনু :দিনটোত ধনকষ্ট পাব। ভাই-ভনীৰ পৰা সমাদৰ লাভ কৰিব। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব পাৰে। প্ৰেমত সতর্কতাৰ প্ৰয়োজন। বিদ্যাত বাধা। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।

মকৰ : নতুন প্রতিষ্ঠিত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত দিনটো শুভ। গৱেষণামূলক কাম-কাজত প্ৰতিভাৰ বিকাশ ঘটিব। সন্তানৰ কৰ্মতৎপৰতাই আপোনাক আনন্দিত কৰিব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ১।

কুম্ভ :আর্থিক দিশত জটিলতা নাই। আয়-বৃদ্ধিৰ কাৰকতা। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক। সৰু-সুৰা ৰোগত দেহ কষ্ট পাব। প্ৰেমত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

মীন : আর্থিক দিশত আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধি পাব।
উচ্চপদস্থ কৰ্মচাৰীসকলৰ বাবে অনুকূল সময়।প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ৩।

Exit mobile version