Russian Lawmaker death in India : ভাৰতত ৰহস্যজনকভাৱে মৃত্যু পুটিন বিৰোধী ৰুছ আইনপ্রণেতাৰ

pavel antov death deepens mystery 1672124966833 1672124967014 1672124967014

Russian Lawmaker death in India :

ৰাছিয়াৰ এজন ধনী বিধায়কৰ ওড়িছাত ৰহস্যজনকভাৱে মৃত্যু হয় । পাভেল এণ্টভ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ তীব্ৰ সমালোচক হিচাপে পৰিচিত এজন সাংসদ ।

ওড়িছাৰ এখন হোটেলত ৰহস্যজনকভাৱে তেওঁৰ মৃত্যু হয় । প্ৰথমাৱস্থাত জানিব পৰা গৈছে যে হোটেলৰ পৰা পৰি পাভেলৰ মৃত্যু হয় ।

কিন্তু হোটেলৰ পৰা কেনেকৈ পৰিল সেয়া স্পষ্ট নহয় । প্ৰাপ্ত তথ্য অনুসৰি, নিজৰ ৬৬ সংখ্যক জন্মদিন উপলক্ষে পাভেলে ওড়িছাৰ ৰায়গড়ত ছুটী কটাবলৈ আহিছিল । তাৰে এখন হোটেলৰ পৰা পৰি তেওঁৰ কৰুণ মৃত্যু হয় ।

স্থানীয় সংবাদ মাধ্যমত তেওঁ খিৰিকীৰ পৰা জঁপিয়াই পৰা বুলি দাবী কৰিছে । কিন্তু কলকাতাত ৰাছিয়াৰ কনছাল জেনেৰেল এলেক্সি ইডামকিনে ৰাছিয়াৰ সংবাদ সংস্থা টাছ-ক জনাইছে যে পাভেল খিৰিকীৰ পৰা পৰিছে ।

লগতে তেওঁ দাবী কৰে যে এই মৃত্যুৰ আঁৰত আৰক্ষীয়ে কোনো অস্বাভাৱিক তথ্য বিচাৰি পোৱা নাই । তেওঁ কয়, “আমি তদন্তৰ অগ্ৰগতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছো আৰু ওড়িছা আৰক্ষীৰ পৰা সকলো তথ্য লাভ কৰিছো ।”

আঞ্চলিক সংসদৰ উপাধ্যক্ষ উপ-অধ্যক্ষ বেচেশ্লাভ কাৰ্টুখিনে নিজৰ টেলিগ্ৰাম চেনেলত তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, “আমাৰ সহকৰ্মী, এজন সফল উদ্যোগী, জনহিতৈষী পাভেল এণ্টভৰ মৃত্যু হৈছে । সংযুক্ত ৰাছিয়া ফেকছন ডেপুটিসকলৰ তৰফৰ পৰা তেওঁৰ আত্মীয় আৰু বন্ধুবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।”

ইফালে, পাভেলৰ মৃত্যুৰ দুদিন পূৰ্বে তেওঁৰ দলৰ আন এজন সদস্যৰো ৰহস্যজনকভাৱে মৃত্যু হয় । যোৱা বৃহস্পতিবাৰে মৃত্যু হয় ৬১ বছৰীয়া ভ্লাদিমিৰ বুডানভৰ ।

দাবী কৰা হৈছে যে বুডানভৰ মৃত্যু হৈছিল হৃদৰোগজনিত কাৰণত । প্ৰসংগক্ৰমে পাভেল আৰু তেওঁৰ দল পুটিন বিৰোধী বুলি পৰিচিত ।

আনকি ইউক্ৰেইনৰ যুদ্ধৰ বিৰোধিতা কৰি পাভেলে এটা ব্লগ লিখিছিল । কিন্তু হেঁচাত পৰি তেওঁ নিজৰ ব্লগটো আঁতৰাই স্থিতি সলনি কৰাৰ কথা ঘোষণা কৰে ।

লগতে এই প’ষ্টৰ বাবে তেওঁ ক্ষমাও খোজে । পাভেলে ব্লগত ইউক্ৰেইন যুদ্ধক ৰাছিয়াৰ ‘আতংক’ বুলি অভিহিত কৰিছে । কিন্তু পাছত তেওঁ নিজকে ‘পুটিন সমৰ্থক’ বুলি দাবী কৰে । ৰাছিয়াৰ সংবাদ মাধ্যমৰ একাংশৰ দাবী, পাভেল সদায় পুটিন বিৰোধী হৈয়েই আছে ।

Exit mobile version