Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

WhatsApp Image 2022 12 28 at 19.57.42

Mobile Battery Charging :

মাল্টি মিডিয়াৰ যুগত ফোনৰ ব্যৱহাৰ অত্যাধিক বাঢ়িছে । বৰ্তমান ম’বাইল ফোন আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে । ম’বাইল অবিহনে দৈনিক জীৱন কল্পনা কৰা কঠিন ।

ম’বাইলৰ জৰিয়তে কথা পতা , মেচেজ কৰা , ধনৰ লেন-দেন কৰা , টিকট বুক কৰা আদি সকলো কাম ঘৰতে বহি কৰিব পাৰি । তেনেক্ষেত্ৰত আপুনি ম’বাইল ফোনৰ বেটাৰীৰ আয়ুস কেনেদৰে বৃদ্ধি কৰিব পাৰি ,সেইকথাও জনা দৰকাৰ ।

গোটেই দিনটো ফোন ব্যৱহাৰ কৰি থাকিলে , সকলো সময়তে যে সম্পূৰ্ণ চাৰ্জ থাকিব লাগিব ,তেনে কোনো কথা নাই । আচলতে ফোনটো সঠিকভাৱে চাৰ্জ দিয়াৰ এটা নিৰ্দিষ্ট নিয়ম থাকে ।

আপুনি যদি ফোনটো সঠিকভাৱে চাৰ্জ দিয়ে , তেন্তে আপোনাৰ ফোনটোৰ বেটাৰী বহুদিনলৈ ভাল হৈ থাকিব । এটা ফোনত কিমান শতাংশ চাৰ্জ দিয়া উচিত ? বহুতেই ভাবে যে ফোনটোত ১০০ শতাংশ চাৰ্জ দিলে ভালদৰে কাম কৰে আৰু বেটাৰীও দীৰ্ঘদিন যায় ।

কিন্তু আপুনি-মই ভবাৰ দৰে কথাটো নহয় । বিশেষজ্ঞই কৈছে , ফোনত মাত্ৰ ৮০-৯০ শতাংশ চাৰ্জ দিব লাগে । সম্পূৰ্ণ চাৰ্জ দিয়াটো স্মাৰ্টফোনৰ কাৰণে ভাল নহয় ।

কোন সময়ত চাৰ্জ দিয়া উচিত ? কোনো কোনোৱে ফোন ডিচাৰ্জ হোৱাৰ পাছতহে চাৰ্জ কৰে । কিন্তু এনে কৰা উচিত নহয় । ফোনৰ চাৰ্জ ২০ শতাংশ হলে চাৰ্জ দিয়া উচিত ।

মনত ৰাখিব ২০ পৰা ৮০ শতাংশ পৰ্যন্ত বেটাৰী থাকিলে আপোনাৰ ফোন সদায় ভাল হৈ থাকিব ।

Exit mobile version