Murder : নাজিৰাত লোমহৰ্ষক হত্যাকাণ্ড,

সতীৰ্থ ভকতক কুঠাৰেৰে ঘপিয়াই হত্যা ডেকা সত্ৰাধিকাৰৰ 

kun 2

Murder :

নাজিৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । প্ৰাপ্ত খবৰ অনুসৰি , নাজিৰাৰ চকীমুখৰ নিৰ্মলীয়া গাঁৱত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড।

দুৰামাৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তই সতীৰ্থ ভকত জয়নাথ বৰাক কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে । ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী মহন্তক আটক কৰি নিজৰ জিম্মাত লৈছে ।

অৱশ্যে আৰক্ষীয়ে এই মুহূৰ্তলৈকে হত্যাৰ সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত আছে ।

Exit mobile version