Covid-19 : তাজমহল দৰ্শন কৰিবলৈ অহা বিদেশী পৰ্যটনৰ দেহত ওলাল ক’ভিড

1672293679 1 1

Covid-19 :

সোমবাৰে, তাজমহলত এজন বিদেশী পৰ্যটকৰ দেহত ধৰা পৰে কৰ’না ভাইৰাছ । কিন্তু ভুল ঠিকনা দিয়াৰ বাবে , তেওঁৰ সন্ধান পোৱা নগ’ল।

বুধবাৰে এই কথা জনাইছে আগ্ৰাৰ কৰ্তৃপক্ষই । সংবাদ সংস্থা এএনআইৰ মতে, এজন বিদেশী পৰ্যটক সোমবাৰে তাজমহল পৰিদৰ্শন কৰিবলৈ আহে। স্বাস্থ্য বিভাগৰ দ্বাৰা তেওঁৰ এণ্টিজেন পৰীক্ষা কৰাৰ পাছত তেওঁ সংক্ৰমণত আক্ৰান্ত বুলি ধৰা পৰে ।

স্বাস্থ্য বিভাগৰ বিষয়াসকলে পৰ্যটকজনৰ সকলো বিৱৰণ লয়। কিন্তু পাছত পৰ্যটকজনে দিয়া ঠিকনাত তেওঁক পোৱা নগ’ল। বিষয়াসকলে তেতিয়া অনুমান কৰে যে পৰ্যটকজনে ভুল ঠিকনা দিয়ে। এতিয়ালৈকে তেওঁৰ কোনো সন্ধান পোৱা নাই।

আগ্ৰাৰ মুখ্য স্বাস্থ্য বিষয়া অৰুণ শ্ৰীবাস্তৱে জনাই যে বিদেশী পৰ্যটকজনে তাজমহল পৰিদৰ্শন কৰিবলৈ আহিছিল । কিন্তু প্ৰৱেশ কৰাৰ আগতে, তেওঁৰ এণ্টিজেন পৰীক্ষা কৰা হয়।

যেতিয়া তেওঁ কৰ’নাত সংক্ৰমিত বুলি গম পালে তেওঁক তাজমহলত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। পাছত, পৰ্যটকজনে দিয়া ঠিকনাটো অনুসন্ধান কৰি, দেখা যায় যে তেওঁ ভুল তথ্য দিয়ে।

Exit mobile version