Guwahati Durgs Seized :
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অব্যাহত ৰখা মাৰাথন অভিযানৰ মাজতে যোৱা নিশা ভগদত্তপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে দক্ষিণগাঁৱত অৰ্তকিতে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ ।
ADVERTISEMENT
এএছ ০১-এম চি-১৯০৩ নম্বৰৰ এল্ট কাৰ এখনেৰে লখৰা আৰু ফাঁচিবজাৰত সৰবৰাহৰ বাবে নি থকা অৱস্থাত দক্ষিণগাঁৱত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ সহ দুই পেডলাৰক আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম জামাল আলী আৰু ছফিক আলী ৷ দুয়োৰে ঘৰ ছয়গাঁওৰ গৰৈমাৰীত ৷ ভগদত্তপুৰ আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাৰ পৰা জব্দ কৰে ১২২টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ নগদ ২৫০০০ টকা।
জব্দকৃত ড্ৰাগছখিনিৰ মূল্য লক্ষাধিক হ’ব বুলি সদৰি কৰিছে আৰক্ষীয়ে ।