Guwahati Picnic SOP : পিকনিকৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এছঅ’পি

26233611 962551730562925 6900848552376338361 o

Guwahati Picnic SOP :

বনভোজস্থলীলৈ যাবলৈ হ’লেই এতিয়াৰ পৰা আগতিয়াকৈ ল’ব লাগিব অনুমতি ৷ বিনা অনুমতিত প্ৰৱেশ নিষেধ বনভোজস্থলী ৷

বনভোজ খাই থকা দলক স্থানীয় প্ৰশাসনে তীক্ষ্ণ নজৰ দিব ৷

বনভোজস্থলীত সুৰা আৰু চিগাৰেট সেৱন কৰিলে তেনেলোকৰ ওপৰত আইনগত ব্যৱস্থা ল’ব স্থানীয় প্ৰশাসনে ৷

নদীৰ কাষত বনভোজ খোৱা দলৰ কোনোৱে নাও চলোৱা বা মাছ মাৰিবলৈ হ’লে ল’ব লাগিব অনুমতি ৷
বনভোজস্থলী বা নৈৰ ঘাটত দলিয়াব নোৱাৰিব কোনো বস্তু ৷

পিকনিকস্থলীত লগাব নোৱাৰিব কোনো টেন্ট ৷ একেদৰে কেটাৰিং ব্যৱস্থাও কৰিব নোৱাৰিব পিকনিকস্থলীত ৷

পিকনিকত সুৰা কিনা-বেচাত নিষিদ্ধ ৷ আনকি লাউড্স্পীকাৰ ব্যৱহাৰ কৰাটো বাৰণ কৰা হৈছে ৷

একেদৰে ডি জে বা উচ্চস্বৰৰ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব ৷ বনভোজস্থলীলৈ প্লাষ্টিক বা থামকল নিয়াটো বাধাৰোপ ৷

কোনো ধৰণৰ জুৱা পিকনিকত নিষিদ্ধ ৷ বনভোজস্থলীত গাত খন্দা বা আন স্থায়ী সম্পত্তি নষ্ট কৰিব নোৱাৰিব ৷

পিকনিক খোৱাৰ পিছত বনভোজস্থলী চাফা কৰিব লাগিব ৷ এছঅ’পি উলংঘা কৰিলেই ভৰিব লাগিব এহেজাৰ টকা ৷

সমাগত নতুন বছৰৰ প্ৰাগমুহুতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে পিকনিক সন্দৰ্ভত কঠোৰ নীতি-নিয়ম ৷

Exit mobile version