Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 12 24 at 10.40.09

Horoscope :

মেষ : সাৱধানে দিনটো পাৰ কৰক। দৰকাৰী কামত অৱহেলা নকৰিব। শৰী বৰ ভালেৰে নাযাব পাৰে। বিদ্যাত মজলীয়া ফল। খাদ্যাদিত যত্ন লওক। প্রেম বিবাদ। শুভ ৰং মাটিয়া, শুভ সংখ্যা ২।

বৃষ : উন্নত দিনৰ অনুমান। যোগাযোগত খুব বেয়া নহ’ব। আর্থিকতো বিশেষ কষ্ট নাপাব। বিদ্যাত মনোযোগ দিব পাৰিব। ব্যৱসায়ত বেয়া নহ’ব। শুভ ৰং বগাঁ, শুভ সংখ্যা ৩।

মিথুন : সামাজিক ক্ষেত্ৰত উন্নত পৰিৱেশ নাপাব। অত্যন্ত শুভ কথাতো সন্তোষ কম পাব। আর্থিকত ব্যয় বৃদ্ধি পাব। শৰীৰৰ দুৰ্বলতা থাকিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

কৰ্কট : ফৰকাল অনুভৱ কৰিব। কর্মক্ষেত্ৰতো বিশেষ বাধা নাপাব। কর্তব্যত আগ্রহ বাঢ়িব। শৰীৰৰ বিশেষ সমস্যা নাথাকিব। উৎসাহজনক কথাত যোগদান। শুভ ৰং সোণালী, শুভ সংখ্যা ৭।

সিংহ : আনন্দ প্ৰাপ্তিৰ যোগ। কোনো কৰ্মত আনন্দ পাব। পৰিৱেশো প্রতিকূল নহ’ব। পঢ়া-শুনাত বাধা কম। ব্যৱসায় বা স্বাধীন কৰ্মজীৱনৰ প্ৰতি আস্থা আহিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

কন্যা : আকস্মিক অৰ্থ প্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ। ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব। শৰীৰ খুব উন্নত নহ’ব। অযথা দুশ্চিন্তা দুৰাকাংক্ষাই আমনি কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৮।

তুলা : দুৰ্ভাৱনা এৰাব নোৱাৰিব। অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা থাকিব। কিবা দৰকাৰী কাম আছে যদিও সমাধানৰ চেষ্টা ৰাখক। শৰীৰ মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ১।

বৃশ্চিক : আপোনাৰ জাতিশীল কৰ্মৰ দ্বাৰা ঈপ্সিত আশা পূৰ্ণৰ কাৰক। কৰ্মত মধ্যম। দুই-এটা কামত দুশ্চিন্তাও সোমাব। উপায়হীনে নতুন আশা দেখিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।

ধনু : শৰীৰ সম্পৰ্কে অলপ সচেতন থাকক। আপোনাৰ কোনো সমস্যা সমাধানৰ কাৰক। কিন্তু দুই-এটা ঘৰুৱা কাৰণত মনটো ফৰকাল নাথাকিব। পাৰে। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮।

মকৰ : উন্নত পৰিৱেশ। দিনৰ ১০ বজাৰ পৰা আৰু কিছু উন্নত। আর্থিকত বেয়া দেখা নাযায়। শিল্প বিদ্যাত আন্দৰ। দাম্পত্যত অলপ দুশ্চিন্তা থাকিব। শুভ ৰং, শুভ সংখ্যা ১

কুম্ভ : কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। গুৰুতৰ কাম আদি হাতত ল’লেও ভবা শুনা কৰি ল’ব। কর্মত নতুন উদ্যম। আৰ্থকত খৰু বৃদ্ধি পাব। প্রেম-প্রীতিত মধ্যম। পঢ়া-শুনাত খেলি-মেলি থাকিব। শুভ কমলা, শুভ সংখ্যা ৬।

মীন : পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল। বিদ্যাত তেনে অসুবিধা নাই। কর্মব্যস্ত সকল কর্মকালত কিবা অশান্তি অনুভৱ কৰিব। ঘৰুৱাত শুভ কর্ম সম্পাদন। আর্থিকত মজলীয়া। শুভ ৰং মেৰুণ, শুভ সংখ্যা ২।

Exit mobile version