Diabetes Symptoms :
অনিয়মিত জীৱন প্ৰণালী , সাংঘাতিক কৰ্মব্যস্ততা আৰু মানসিক চাপৰ কাৰণে আজিৰ তাৰিখত প্ৰতিঘৰতে ডায়েবেটিচ ৰোগীৰ সংখ্যা বাঢ়িছে । ৩০ বছৰ পাৰ কৰা লগে লগেই বহুতে এই ৰোগত আক্ৰান্ত হয় ।
পৰিতাপৰ কথা যে, এই ৰোগৰ হাতত ধৰিয়েই শৰীৰত আহে উচ্চ ৰক্তচাপ ,কলেষ্টৰলৰ দৰে অনেক ৰোগ । আচলতে তেজত ইনছুলিনৰ অভাৱৰ বাবেই ডায়েবেটিচ ৰোগত আক্রান্ত হয় ।
চিকিৎসকৰ মতে, জীৱন যাত্ৰাৰ পৰিৱৰ্তন আহিলেই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব লাগে । তাৰবাবে প্ৰতিদিনে খাদ্য তালিকা অনুকৰণ কৰাৰ সমান্তৰালকৈ শৰীৰচৰ্চা কৰা প্ৰয়োজন ।
প্ৰথম পৰ্যায়তে যদি এই ঘাতক ৰোগ ধৰা পৰে ,তেন্তে চিকিৎসা কৰাত সুবিধা হয় । বিশেষকৈ মূৰ ঘুৰোৱা, শৰীৰৰ ওজন কমি যোৱা , দৃষ্টিশক্তি লোপ পোৱা এইধৰণৰ প্ৰাথমিক লক্ষণে দেখা দিলে আপুনি জানিব যে আপোনাৰ শৰীৰত ডায়েবেটিচ ৰোগে প্ৰৱেশ কৰিছে ।
ডায়েবেটিচ হ’লে বেছি লক্ষণ ভৰিত ধৰা পৰা দেখা যায় । তেনেক্ষেত্ৰত ভৰিত দেখা কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল ।
১/ ভৰি ফুলি উঠা , ভৰিত যদি কোনো ঘাঁ লাগে নুশুকোৱা ।
২/ শৰীৰচৰ্চা কৰা সময়ত বা অন্য সময়তো ভৰিৰ পেশী টান হৈ উঠা ।
৩/ ভৰিৰ নখ মোটা বা হালধীয়া বৰণ লোৱা ।
৪/ ভৰিৰ আঙুলিত হোৱা সংক্ৰমণ ভাল নহ’লে বুজিব যে আপোনাৰ তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়িছে ।
৫/ ভৰিৰ তলুৱাত বিষ হোৱা । অৰ্থাৎ ভৰিত দেখা পোৱা এই লক্ষণৰ পৰা আপুনি বুজিব লাগিব আপোনাৰ ডায়েবেটিচ হৈছে । ডায়েবেটিচ নিৰাময় হোৱা ৰোগ নহয় ।
গতিকে আপুনি ওপৰত উল্লেখিত নিয়ম অনুকৰণ কৰি জীৱনত আগবাঢ়ি যোৱাৰ অভ্যাস গঢ়ি তোলক । নিয়ন্ত্ৰিত জীৱনশৈলীহে আপোনাক এটা স্বাভাৱিক জীৱন প্ৰদান কৰিব ।
বি : দ্ৰ : এই প্ৰতিবেদনটো তথ্যভিত্তিক যদিও সমান্তৰালকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।