Murder : মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ খবৰ দিয়া কেব চালকক পুৰস্কাৰ আৰক্ষী আয়ুক্তৰ

WhatsApp Image 2022 12 30 at 21.10.17

Murder :

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ খবৰ দিয়া কেব চালক খগেন দাসক পুৰস্কৃত কৰিলে মহানগৰ আৰক্ষীয়ে

উল্লেখ্য যে, মহানগৰীৰ ৰুক্মিণী গাঁৱত সংঘটিত হোৱা এই জঘন্য হত্যাকাণ্ডত হিতেশ দাস নামৰ হত্যাকাৰীটোৱে নিজৰ ভাড়াঘৰত অতি নৃশংসভাৱে হত্যা কৰিছিল বন্ধু প্ৰেমনাথ ভূঞাক ।

হত্যা কৰাৰ পাছতে ধৃত হত্যাকাৰীয়ে মৃতদেহটো বস্তাত ভৰাই এখন কেবত লৈ গৈছিল । কেব চালক খগেন দাসে বস্তাত কি আছে সোধাত,গাহৰি বুলি কয় |

ইয়াৰ পিছত দুপৰীয়া কমলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ঘন জংঘলৰ মাজত পেলাই আহিছিল মৃতদেহটো । কিন্তু গুৱাহাটীলৈ উভতি অহাৰ পাছতেই এই হত্যাকাণ্ডক লৈ আৰক্ষীৰ কাষ চাপিছিল কেব চালক দাস ।

কেব চালক দাসৰ তৎপৰতাৰ বাবেই নিশা আৰক্ষীয়ে কমলপুৰৰ জংঘলৰ পৰা প্ৰেমনাথৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

কেব চালক দাসৰ তথ্যৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে হত্যাকাৰী হিতেশক গ্ৰেপ্তাৰ কৰে । আৰক্ষীক কৰা সহযোগিতাৰ বাবেই আজি মহানগৰ আৰক্ষীৰ হৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই খগেন দাসক ১০ হাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰে ।

Exit mobile version