Qatar World Cup 2022 : বিশ্বকাপত ব্যৱহাৰ কৰা বাছ দান কৰিলে কাটাৰে

WhatsApp Image 2022 12 30 at 18.50.18

Qatar World Cup 2022 :

ফিফা বিশ্বকাপ ফুটবল টুৰ্ণামেন্টত বিভিন্ন দেশৰ ফুটবল সমৰ্থনসকলৰ পৰিবহনৰ বাবে ব্যৱহাৰ কৰা বাছ লেৱাননক দান কৰিছে কাটাৰ চৰকাৰে ।

সম্প্ৰতি এই খবৰ প্ৰকাশ পাইছে লেৱানন গণমাধ্যমত । বিশ্বকাপ চলি থকা সময়ত লেৱাননৰ প্ৰধানমন্ত্ৰী নাজিৰ মিকাতিয়ে কাটাৰ বিশ্বকাপৰ কৰ্মকৰ্তাৰ লগত এই বিষয়ত কথা পাতিছিল ।

যিহেতু বিশ্বকাপ উপলক্ষে কাটাৰ চৰকাৰে অতিৰিক্ত প্ৰায় তিনি হাজাৰ বাছ ক্ৰয় কৰিছিল । খেল চলি থকা সময়ত বিনামূলীয়াকৈ বিভিন্ন দেশৰ ফুটবল অনুৰাগীক এই বাছসমূহৰ যোগেদি সেৱা প্ৰদান কৰিছিল ।

প্ৰাপ্ত খবৰ মতে, কাটাৰৰ এক বৈঠকত এই বাছসমূহ ক্ৰীড়া নগৰী তথা পৌৰ ষ্টেডিয়ামৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছিল যদিও লেৱানন প্ৰধানমন্ত্ৰীয়ে এই বাছসমূহ বিচাৰি কাটাৰ চৰকাৰক এক অনুৰোধ কৰিছিল ।

উল্লেখ্য যে, মধ্যপ্ৰাচ্যৰ সৰু দেশ কাটাৰ প্ৰাকৃতিক সম্পদশালী এখন ধনী ৰাষ্ট্ৰ । উন্নয়নশীল দেশসমূহত বিশ্বকাপ সম্পৰ্কিত কিছু যোগাত্মক চিন্তাৰ উন্মেষ কৰিবলৈ এই সিদ্ধান্ত লৈছে কাটাৰ চৰকাৰে ।

Exit mobile version